NORTHEAST NOW (Assamese)

বিজেপি-আৰএছএছে অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে: অখিল গগৈ

February 13, 2022 12:46 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ প্ৰেমৰ বিষয় উঠাই দিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ।

বিজেপি-আৰএছএছে অসমীয়া জাতিৰ ভাষা, সংস্কৃতি,অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে বুলি দাবী কৰে অখিল গগৈয়ে।

তেওঁ কয় যে বিজেপিৰ হিটলাৰী দৰ্শন ওৱান নেশ্যন ওৱান কালছাৰ বা ওৱান নেশ্যন ওৱান লেংগুৱেজৰ জড়িয়তে বিহুক অসমীয়াৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে।

লগতে পঢ়ক: ‘মানসিকভাৱে অসুস্থ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল NSUIৰ

তেওঁ কয়, ‘’এফালে মুখ্যমন্ত্ৰীয়ে বিহুত চান্দা তোলা বন্ধ কৰি বিহু বন্ধ কৰিব বিচাৰিছে আৰু লগতে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বিহুৰ বিষয় আঁতৰাই বিহুক অসমীয়াৰ পৰা আঁতৰাই নিব বিচাৰে।‘’

চৰকাৰৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে।

Related News