NORTHEAST NOW (Assamese)
অসম

ৰূপজ্যোতি কুর্মীক মিছলীয়া আখ্যা অখিল মাতৃ প্ৰিয়দা গগৈৰ; মিছা কথা কৈ ভোট নিয়াৰ অভিযোগ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 20, 2021 6:30 pm
Mother of Akhil Gogoi

“ৰূপজ্যোতি কুর্মী এজন মিছলীয়া, মিছা কথা কৈ আমাৰ ভোট লৈ গ’ল,”-এই ভাষ্য কাৰাৰুদ্ধ কৃষক নেতা বিধায়ক অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈৰ।

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ লগে লগে মৰিয়নিৰ বিধায়ক পদ ত্যাগ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে এনেদৰে ক্ষোভ উজাৰে প্ৰিয়দা গগৈয়ে।

বিগত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অখিল গগৈৰ মাতৃক সেৱা কৰি নিজকে প্ৰিয়দা গগৈৰ সৰু পুত্ৰ বুলি ঘোষণা কৰি নিৰ্বাচনী যুঁজত নামি বিজয়ী হোৱা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপি দলত যোগদান কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ পৰা পদত্যাগ কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে মাতৃ গৰাকীয়ে।

বিধায়ক কুৰ্মীৰ বিজেপি গমনক লৈ তীব্ৰ বিষেদ্গাৰ প্ৰকাশ কৰি  অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় যে ৰূপজ্যোতি কুর্মীয়ে মৰিয়নি সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিলে।