NORTHEAST NOW (Assamese)
অসম

সাধাৰণ সম্পাদক, উপ-সভাপতিক আক্ৰাছুৰ পৰা নিলম্বন

Posted by: এন ই নাও নিউজ April 21, 2019 12:21 pm

আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মন আৰু উপ-সভাপতি মুকুল বৰুৱাক আক্ৰাছুৰ পৰা নিলম্বন কৰে।এই কথা শনিবাৰে কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি ঘোষণা কৰে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰয়ে। আক্ৰাছুৰ ১৪ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সংবাদমেলত সভাপতি গৰাকীয়ে এই ঘোষণা কৰে।

আক্ৰাছুৰ সভাপতিগৰাকীয়ে নিলম্বন কৰা দুই গৰাকী নেতাই অসাংবিধানিক কাৰ্যকলাপত জড়িত থকাৰ বাবে অপসাৰণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে।

আন এক সূত্ৰ মতে নিলম্বিত দুই নেতাই আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এ চৰকাৰক সমৰ্থন কৰাৰ বাবে আক্ৰাছুৱে তেওঁলোকক নিলম্বন কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে আক্ৰাছুয়ে কোনো ৰাজনৈতিক কাৰণত তেওঁলোকক নিলম্বন কৰা নাই বুলি জানিবলৈ দি কয় যে অসাংবিধানিক কাৰ্যকলাপত জড়িত থকাৰ বাবেহে নেতা দুগৰাকীক নিলম্বন কৰা হৈছে।

আৰু সংবাদমেলতে আক্ৰাছুয়ে স্পষ্ট কৰি কয় যে তেওঁলোকে কোঁচ ৰাজবংশীৰ বৃহৎ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক মুকলি সমৰ্থন আগবঢ়াইছে।