NORTHEAST NOW (Assamese)

হকী মহাতাৰকা বলবীৰ সিং (ছিনিয়ৰ)ৰ বিয়োগত গভীৰ শোক প্ৰকাশ অক্ষয় কুমাৰৰ

May 25, 2020 7:55 pm · এন ই নাও নিউজ
বলবীৰ সিঙৰ সৈতে অক্ষয় কুমাৰ

ভাৰতীয় হকীৰ মহাতাৰকা বলবীৰ সিং (ছিনিয়ৰ)ৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে।

সোমবাৰে দেহাৱসান ঘটা ভাৰতীয় হকীৰ মহাতাৰকা গৰাকীৰ সৈতে একেলগে উঠা এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে অক্ষয় কুমাৰে।

‘‘তেওঁৰ বিয়োগৰ খবৰ পায় মৰ্মাহত হৈছো….ভাল লগা ব্যক্তি গৰাকীৰ সৈতে সময় অতিবাহিত কৰিবলৈ পায় নিজকে ধন্য মানিছো,’’অক্ষয় টুইটাৰত বলবীৰ সিঙৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি লিখে।

অক্ষয় কুমাৰ অভিনয় কৰা গোল্ড নামৰ চলচ্চিত্ৰখন তিনিবাৰৰ অলিম্পিকৰ সোণৰ পদক বিয়জী বলবীৰ সিং(ছিনিয়ৰ)ৰ জীৱনৰ ওপৰত আধাৰিত।

পঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙেও হকী মহাতাৰকা গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি পঞ্জাৱে এজন মহান খেলুৱৈ হেৰুৱালে বুলি উল্লেখ কৰে।

তিনিবাৰ অলিম্পিকত সোণৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ সদস্য বলবীৰ সিঙৰ ৯৬ বছৰ বয়সত বিয়োগ ঘটে।

Related News