NORTHEAST NOW (Assamese)

আমুৱালে কিহে! কানাডাই নে সমালোচনাই! ভাৰতীয় হৃদয়েৰে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ খিলাড়ী কুমাৰৰ

August 15, 2023 7:16 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতলৈ ঘূৰিল খিলাড়ী অক্ষয় কুমাৰ। এইবাৰ বলীউদৰ কাহিনীত নহয়, নাগৰিকত্ব লৈয়ে দেশলৈ ঘূৰিল খিলাড়ী কুমাৰ। অভিনেতাগৰাকীৰ ভাষাতে তেওঁ সম্পূৰ্ণ ভাৰতীয় হৃদয়েৰে, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে।

কানাডাৰ নাগৰিকত্বক লৈ সততে সমালোচনাৰ সন্মুখীন হোৱা অভিনেতাগৰাকীয়ে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত ভাৰতীয় নাগৰিকত্ব লাভ কৰে।

পঞ্জীয়ন নথি শ্বেয়াৰ কৰি অক্ষয় কুমাৰে এক টুইট যোগে কয়, “হৃদয় ঔৰ নাগৰিকত্ব, দুয়োটাই ভাৰতীয়। স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল! জয় হিন্দ!”

খিলাড়ী খ্যাত অভিনেতাগৰাকী সততে তেওঁৰ কানাডাৰ নাগৰিকত্বক লৈ সমালোচনাৰ সন্মুখীন হৈছিল। মানুহে তেওঁৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰিলে তেওঁ হতাশ অনুভৱ কৰে বুলি মন্তব্য কৰিছিল অক্ষয় কুমাৰে।

“ভাৰত মোৰ বাবে সকলো।। মই যি উপাৰ্জন কৰিছো, যি লাভ কৰিছো ইয়াৰ পৰাই। আৰু মোৰ সৌভাগ্য যে মই উভতাই দিয়াৰ সুযোগ পাওঁ।”– এক সাক্ষাৎকাৰত এইদৰে কৈছিল কুমাৰে।

মানুহে একো নজনাকৈ কথা ক’লে বেয়া লাগে বুলি হতাশা প্ৰকাশ কৰিছিল কুমাৰে। ২০১৯ চনত তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও ক’ভিড মহামাৰীৰ বাবে এই প্ৰক্ৰিয়া পিছুৱাই গৈছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ পিছতে অক্ষয় কুমাৰৰ কানাডাৰ নাগৰিকত্ব বিতৰ্কৰ বিষয় হৈ পৰে।

লক্ষণীয়ভাৱে যোৱা সপ্তাহত ছবিগৃহত মুক্তি লাভ কৰিছে অক্ষয় কুমাৰৰ ‘OMG 2’। কুমাৰৰ লগতে পংকজ ত্ৰিপাঠী আৰু য়ামি গৌতমেও ছবিখনত অভিনয় কৰিছে।

Related News