‘Kill Narendra Modi’, কোনে দিলে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি
এটা বিশেষ নিৰ্দেশনাই এতিয়া জোকাৰিছে দেশক।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনলৈ আহিছে চৰম ভাবুকি।
মোডীক হত্যা কৰাৰ বাবে এতিয়া এটা চক্ৰ তৎপৰ হৈ পৰিছে।
তাৰেই প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীক হত্যা কৰাৰ নিৰ্দেশ সম্বলিত এক বিশেষ ই-মেইল আহিছে নিয়ালৈ।
নিয়াৰ অফিচিয়েল মেইল আইডি info.mum.nia@gov.in লৈ আহিছে এটা বিশেষ মেইল।
য’ত স্পষ্ট ভাবে লিখা আছে ‘Kill Narendra Modi’ বুলি।
প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দি প্ৰেৰণ কৰা এই মেইলটো আহিছে ylalwani12345@gmail.com ৰ পৰা।
মোডীক হত্যাৰ ভাবুকি প্ৰেৰণ কৰা এই মেইল আইডিটো সন্দৰ্ভত নিয়াই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
প্ৰাথমিক তদন্তৰ পৰা দানিব পৰা মতে মেইল আইডিটো ভাৰতৰ বাহিৰৰ।
অৱশ্যে কোন খন দেশৰ পৰা ইে ভাবুকি প্ৰেৰণ কৰা হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
মোডীৰ জীৱনলৈ ভাবুকি অহাৰ পিছতে তেওঁৰ নিৰাপত্তা ব্যৱস্থ আৰু অধিক কটকটীয়া কৰি তোলা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোডীক হত্যা কৰা হ’ব বুলি ভাবুকি আহিছিল।