NORTHEAST NOW (Assamese)

শ্ৰীলংকাৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমতো সতৰ্কতা

April 26, 2019 1:18 pm · এন ই নাও নিউজ
শ্ৰীলংকাত সন্ত্ৰাসবাদীৰ আক্ৰমণত বিধস্ত গীৰ্জা এটা। উৎস-ইণ্টাৰনেট

ভাৰতৰ চুবুৰীয়া ৰাজ্য শ্ৰীলংকাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে ধৰ্মীয় উপাসনা স্থল গীৰ্জাত ধাৰাবাহিক বিস্ফোৰণেৰে প্ৰায় তিনি শতাধিক লোকক হত্যা কৰাৰ পাছত একেধৰণৰ কূটাঘাতৰ আকংশাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ বিশেষ সতৰ্কতা জাৰি কৰিছে।

উত্তৰ-পূবৰ খ্ৰীষ্টান ধৰ্মপ্ৰধান ৰাজ্য সমূহ বিশেষকৈ মিজোৰাম, নাগালেণ্ডৰ গীৰ্জাসমূহতো অনুৰূপ ধৰণৰ আক্ৰমণৰ শংকা কৰিয়ে গৃহ মন্ত্ৰালয়ে এনে ধৰণৰ সতৰ্কতা জাৰি কৰিছে। অসমৰো বহুকেইখন জিলাত খৃষ্টান ধৰ্মাৱলম্বী লোক আছে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এজন লোকৰ কফিন কঢ়িয়াই লৈ গৈ থকা অৱস্থাত। উৎস-ইণ্টাৰনেট

আনহাতে, নাগালেণ্ড চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সতৰ্কতাৰ পাছত ইতিমধ্যে ৰাজ্যখনত ৰেড এলাৰ্ট জাৰি কৰিছে।

উল্লেখযোগ্য যে, ইছলামিক সন্ত্ৰাসবাদীয়ে নিউজিলেণ্ডৰ মছজিদত হোৱা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ২১ এপ্ৰিলত শ্ৰীলংকাৰ গীৰ্জাঘৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰিছিল।

শ্ৰীলংকাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত ভালেকেইগৰাকী ভাৰতীয় নাগৰিকেও প্ৰাণ হেৰুৱাইছিল। ভাৰতৰ চোৰাংচোৱা সংস্থাই আগতীয়াকৈ এনেধৰণৰ আক্ৰমণৰ কথা শ্ৰীলংকা চৰকাৰক অৱগত কৰিছিল যদিও পৰ্য্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ অভাৱৰ বাবে ভয়ংকৰ কূটাঘাত সংঘটিত হয়।

Related News