NORTHEAST NOW (Assamese)
Popular Stories

সতৰ্ক হওক, আপুনিও পান কাৰ্ডৰ বাবে ভৰিব লাগিব পাৰে ১০,০০০ টকা জৰিমনা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 9:21 am
pan card

সতৰ্ক হওক। পান কাৰ্ডৰ বাবে আপুনি ভৰিব লগা হ’ব পাৰে ১০,০০০ টকাকৈ জৰিমনা!

আয়কৰ বিভাগে জনাইছে এই কথা।

যদি আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিঙ্ক হোৱা নাই তেনে আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে।

আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিঙ্ক নোহোৱাসকলে দুটা সমস্যাত পৰিব। এটা হ’ল তেওঁলোকৰ পান কাৰ্ড আয়কৰ বিভাগে বাতিল কৰিব আৰু আনটো হ’ল বাতিল হোৱা পান কাৰ্ড ব্যৱহাৰ কৰাসকলে জৰিমনা ভৰিব লাগিব।

আনহাতে আধাৰ কাৰ্ডৰ সৈতে লিঙ্ক নকৰা পান কাৰ্ডবোৰ অহা ১ এপ্ৰিল ২০২০ ৰ পৰা বিকল হৈ পৰিব।

বাতিল হোৱা পান কাৰ্ড ব্যৱকাৰ কৰা লোকক আয়কৰ বিভাগে আয়কৰ এক্টৰ ২৭২ বি ধাৰাৰ অধীনত ১০,০০০ টকা জৰিমনা বিহিব। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিঙ্ক কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

অহা ২০২০ চনৰ ৩১ মাৰ্চলৈকে আধাৰ আৰু পান কাৰ্ড লিঙ্কৰ চৰম সীমা নিৰ্ধাৰণ কৰি দিছে চৰকাৰে।

চেন্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্স(CBDT)এ ঘোষণা কৰিছে যে আধাৰ আৰু পান কাৰ্ডৰ লিঙ্ক কৰাৰ সময়সীমা আৰু কোনো কাৰণতে বৃদ্ধি কৰা নহয়। সেয়ে নিৰ্ধাৰিত সময়সীমা অৰ্থাৎ ২০২০ৰ ৩১ মাৰ্চৰ ভিতৰত আধাৰ আৰু পান কাৰ্ডৰ লিঙ্ক কৰিবলৈ আহ্বান জনাইছে।