NORTHEAST NOW (Assamese)

আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান চলিত সংস্কৰণৰ পৰা বাহিৰ

October 8, 2020 12:59 pm · এন ই নাও নিউজ

আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান আঘাতজনিত সমস্যাৰ বাবে চলিত সংস্কৰণত এখনো মেচত অংশ ল’ব নোৱাৰিব।

উল্লেখ্য যে কলকাতা নাইট ৰাইডার্ছৰ পেচাৰগৰাকী আঘাতপ্রাপ্ত হেৰী গার্নীৰ স্থানত দলভুক্ত হৈছিল৷

কিন্তু আলী খান এইবাৰ নিজেই আঘাতৰ তালিকাত সোমাল আৰু যাৰ বাবে তেওঁ প্রতিযোগিতাখনৰ বাকী থকা মেচ সমূহত অংশ ল’ব নোৱাৰিব।

আলী খানৰ আঘাত সন্দৰ্ভত আই পি এল কৰ্তৃপক্ষই কয়, ‍‘আলী খান তেনেদৰেই আই পি এলৰ ফ্রেনছাইজীৰে চুক্তিত স্বাক্ষৰ কৰা প্রথমগৰাকী আমেৰিকান ক্রিকেটাৰতো উপৱিষ্ট হয়৷ পিছে দুর্ভাগ্যজনকভাৱে আলী খান আঘাতপ্রাপ্ত হয় আৰু প্রতিযোগিতাখনৰ পৰা বাদ পৰে’৷

আঘাতৰ সমস্যাৰ সৈতে যুঁজ দিলেও কিন্তু আলী খান দলৰ সৈতেই থাকিব বুলি জনাইছে কলকাতা নাইট ৰাইডাৰ্ছ কৰ্তৃপক্ষই। তেওঁ নিয়মীয়াভাৱে অনুশীলনত ভাগ লৈ আছে।

উল্লেখ্য যে আলী খান সদ্যসমাপ্ত কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দল ত্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ অংশ আছিল।

সোঁহতীয়া মিডিয়াম পেচ বলাৰ আলী খানে চি পি এলৰ আঠখন মেচত খেলাৰ সুযোগ পাইছিল। আঠখন মেচত তেওঁ আঠটা উইকেট দখল কৰিছিল।

ইয়াৰ উপৰি আমেৰিকাৰ এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ আলী খানৰ চি পি এলৰ উপৰি কানাডাত হোৱা গ্ৰ’বেল টি-২০, বাংলাদেশ প্ৰিমিয়াৰ লীগ আৰু পাকিস্তান ছুপাৰ লীগত খেলাৰো অভিজ্ঞতা আছে।

Related News