NORTHEAST NOW (Assamese)
অসম

চামগুৰিত অবৈধ সুৰা-জুৱাৰ ঘাটি উচ্ছেদৰ দাবীত স্থানীয় ৰাইজৰ আমবাগান আৰক্ষী চকী ঘেৰাও

Posted by: বিদ্যুৎ জ্যোতি বৰা September 12, 2018 7:38 pm
চামগুৰিত অবৈধ সুৰা-জুৱাৰ ঘাটি উচ্ছেদৰ দাবীত স্থানীয় ৰাইজৰ আমবাগান আৰক্ষী চকী ঘেৰাও

নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত আমবাগান বজাৰত মুকলিকৈ দীৰ্ঘদিন ধৰি মদ আৰু জুৱাৰ আড্ডা চলি থকাৰ ফলত অঞ্চলটোৰ শৈক্ষিক পৰিৱেশৰ লগতে সামাজিক পৰিৱেশো নষ্ট হৈ আহিছে।

ফলত আজি এই অবৈধ সুৰা আৰু জুৱাৰ ঘাটি সমূহ উৎখাত কৰিবলৈ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত স্থানীয় লোকৰ সহযোগত আমবাগান আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

আৰু পিছত কলিয়াবৰ মহকুমাধিপতি, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু আমবাগান আৰক্ষী চকীত পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰি এই অবৈধ সুৰা আৰু জুৱাৰ আড্ডা সমূহৰ ক্ষেত্ৰত এত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোলৈ এক সুস্থ পৰিৱেশ ঘূৰাই অনাৰ দাবী জনায়।

লগতে এই ক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে অনাগত দিনত ইয়াতকৈয়ো তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ জিলা সভাপতি সঞ্জয় বিশ্বাসে জানিবলৈ দিয়ে।