NORTHEAST NOW (Assamese)
অসম

C(A)A-ৰ বিৰোধিতাৰে ৩০ জানুৱাৰিত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2020 6:01 pm
Tamulpur story

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ২০ জানুৱাৰিত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আমন্ত্ৰণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া নাগৰিকত্ব(সংশোধন)আইনৰ বিৰুদ্ধে কৰ্মচাৰী পৰিষদৰ কাৰ্য্যসূচী আৰু ভবিষ্যত স্থিতিৰ বিষয়ে আলোচনা কৰা হয়।

অসম আন্দোলনত কৰ্মচাৰী পৰিষদৰ অৱদানৰ বিষয়ে আলোকপাত কৰি পৰিষদৰ প্ৰধান সম্পাদক ফকৰুদ্দিন আহমেদে অসম আন্দোলনত জনতাৰ পক্ষ গ্ৰহণ কৰি কৰ্মচাৰী পৰিষদে আন্দোলনত জপিয়াই পৰিছিল বুলি মন্তব্য কৰি ‘কা’ই অসম আন্দোলনৰ ফচল অসম চুক্তিক অৱমাননা কৰা বুলি কয়।

কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব(সংশোধন)আইন জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম কৰ্মচাৰী পৰিষদে অহা ৩০ জানুৱাৰিত ৰাজ্যজুৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলিও সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।

ৰাজ্যৰ প্ৰতিখন জিলাত কৰ্মচাৰী সকলে এই কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি পৰিষদৰ তৰফৰ পৰা ঘোষণা কৰা হয়।

আনহাতে, সভাত কৰ্মচাৰী পৰিষদে ২৩ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা বজ্ৰনিনাদ কাৰ্য্যসূচীৰ প্ৰতিও মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে পৰিষদে।