NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী March 8, 2021 12:32 pm
index

২০২১’ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক বৰ্জনৰ আহ্বান জনাইছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই। আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদ মেলত এই আহ্বান জনাইছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

সংবাদমেলখনত ছাত্ৰ নেতা গৰাকীয়ে কয়, ‘’বিজেপি দলে নাথ-যোগী সকলক প্ৰতাৰণা কৰিছে। তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছোঁ।‘’

তেওঁ লগতে কয়, ‘’ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ২০ লাখ নাথ-যোগী আজি বিজেপিৰ বিৰুদ্ধে ওলাই আহিছে। অহা ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত বিজেপিয়ে তাৰ উত্তৰ পাব।‘’

আনহাতে, অহা ২০ মাৰ্চৰ ভিতৰত নাথ-যোগীৰ প্ৰতিটো সংগঠনৰ লগত আলোচনা কৰি ৰাজনৈতিক চিন্তা-চৰ্চা কৰা হব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

অৱশ্যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নাথ-যোগী সম্প্ৰদায়ৰ পৰা একোজনকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰাত নাথ-যোগী ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰে।

প্ৰয়োজনত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাব বুলিও সকীয়াই দিয়ে।