NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 12:00 pm
digital-media-ethics-1024x512

তথ্য প্ৰযুক্তি (ইন্টাৰমিডিয়াৰি গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিকছ কোড) নিয়মাৱলী ২০২১ সম্পৰ্কত কেন্দ্ৰই জাৰি কৰা জাননীক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াই।

‘’তথ্য প্ৰযুক্তি আইন ২০০০’ৰ অধীনত জাৰি কৰা নিয়মাৱলীসমূহে ইন্টাৰনেটত নিউজসমূহ প্ৰকাশ কৰা প্ৰকাশকৰ মৌলিকতা সলনি কৰাৰ লগতে ভাৰতত মিডিয়াৰ স্বাধীনতাক গুৰুতৰভাৱে নস্যাৎ কৰাৰ সম্ভাৱনা আছে,’’-এক বিবৃতিত এডিটৰ্ছ গীল্ডে এইদৰে কয়।

এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ সভাপতি সীমা মুস্তাফা, সাধাৰণ সম্পাদক সঞ্জয় কাপুৰ আৰু কোষাধ্যক্ষ অনন্ত নাথে স্বাক্ষৰ কৰা বিবৃতিটোত কোৱা হৈছে যে নিয়মাৱলীসমূহে দেশৰ যিকোনো প্ৰান্ততে প্ৰকাশিত বাতৰিসমূহ কোনো ন্যায়িক বিবেচনা অবিহনে ব্লক কৰা, ডিলিট কৰা বা সালসলনি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ক্ষমতা দিব আৰু সকলো প্ৰকশককে এটা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা গঢ়ি তুলিবলৈ বাধ্য কৰাব।

এই নিয়মাৱলীসমূহৰ বিভিন্ন ব্যৱস্থাই ডিজিটেল নিউজ মিডিয়াৰ তথা সেইদৰে সামগ্ৰিকভাৱে সংবাদমাধ্যমৰ ওপৰত যুক্তিহীন নিষেধাজ্ঞা আনিব বুলিও বিবৃতিটোত কোৱা হয়।

গীল্ডে উদ্বেগ ব্যক্ত কৰি কয় যে চৰকাৰে এই ক্ষতিকাৰক নিয়মাৱলীসমূহ জাৰি কৰাৰ পূৰ্বে সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা নকৰিলে।

কেন্দ্ৰীয় চৰকাৰে নিয়মাৱলীসমূহ স্থগিত ৰাখি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সদৰ্থক আলোচনা চলোৱাৰ ওপৰত গীল্ডে গুৰুত্ব আৰোপ কৰে।

‘’চৰকাৰে এই কথাটো মন কৰা উচিত যে লেকামহীন ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ নামত ই আমাৰ গণতন্ত্ৰৰ আধাৰস্বৰূপ স্বাধীন সংবাদমাধ্যমৰ বাবে থকা ভাৰতৰ সাংবিধানিক সুৰক্ষা নস্যাৎ কৰিব নোৱাৰে,’’- এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াই লগতে কয়।