NORTHEAST NOW (Assamese)

আজিৰে পৰা ছলাকটকীত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিবেশন আৰম্ভ

November 18, 2020 10:46 am · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে দুলীয়াজানৰ ছলাকটকীত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিবেশন।

১৮ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ চলিবলগীয়া এই অধিবেশনৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্থাই।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ছাত্ৰ প্ৰতিনিধি সকলক আদৰাৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে মূল মণ্ডপৰ লগতে অতিথি গৃহ, খাদ্য গৃহকে কৰি গা-ধোৱা ঘৰ ইত্যাদি।

গ্ৰন্থমেলা, থলুৱা খাদ্যৰ বিপনীৰ লগতে বিভিন্ন প্ৰদৰ্শনীৰে সজাই তোলা অধিবেশন স্থলীৰ মূল আকৰ্ষণ হৈছে ১০ হেজাৰ প্ৰতিনিধি একেলগে বহিব পৰা বিশাল মূল মণ্ডপ আৰু আদৰণি তোৰণখন।

আজি ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ আৰ্হিত সাজি উলিওৱা অধিবেশনৰ মূল তোৰণ মুকলি কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈয়ে।

বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ’বলগীয়া অধিবেশনত ১৯ নবেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সভাপতি দীপাংক কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰিব সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাই এইবাৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Related News