NORTHEAST NOW (Assamese)
Uncategorized

ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াৰ সহযোগত চলি আছে গৰুৰ চোৰাং বেহা; আউডছু

Posted by: দ্বীপজ্যোতি শৰ্মা Updated by: দ্বীপজ্যোতি শৰ্মা February 19, 2020 6:17 pm
Press meet

অসমৰ পৰা মেঘালয়ৰ ন মাইললৈ গৰুৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থাই দাবী জনাই চৰকাৰক৷

আজি দিচপুৰ প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা জনাই আউডছুৰ উপদেষ্টা আব্দুৰ ৰূপ ফাৰুকী আৰু কাৰ্যকৰী সভাপতি ৰহিম বাদশ্বাহে৷

সংবাদ মেলত নেতাদ্বয়ে কয় যে যোৱা ৫ তাৰিখে গৌৰীপুৰৰ গৰু চোৰাং বেপাৰীক  ৰাইজে ধৰি আৰক্ষীক গোটাই দিয়ে।

কিন্তু তাৰ পিচতো শাসক দলৰ প্ৰভাৱশালী নেতা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক মেনেজ কৰি চলাই আছে গৰুৰ অবৈধ বেহা চলাই ৰাইজৰ দ্বাৰা ধৃত চোৰাং গৰু বেপাৰীয়ে ৷

অসমৰ গৰু মাফিয়া আৰু চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ গৰুৰ চোৰাং ব্যৱসায়ীৰ মাজত এক চিণ্ডিকেট চক্ৰ গঢ়ি উঠা বুলিও দাবী কৰে সংগঠনটোৱে।

সংগঠনটোৱে আৰু দাবী কৰে যে অসম আৰু পশ্চিমবংগৰ ৰাজনৈতিক নেতা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক মেনেজ কৰি দৈনিক ৬০ৰ পৰা ৭০ খন গৰু ভৰ্তি ট্ৰাকেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আছে৷

সংবাদল যোগে আউডছুৰ কাৰ্যকৰী সভাপতিজনে অসমক চৰকাৰক অতি সোনকালে অবৈধ গৰুৰ বেহা বন্ধ কৰিবলৈ দাবী জনায়।

গৰুৰ চোৰাং বেহাৰ লগত জড়িত বিষয়া তথা নেতাসকলক আইনৰ আওতালৈ আনিবলৈ দাবী জনায় সংগঠটোৱে৷