NORTHEAST NOW (Assamese)

আজিৰে পৰা ১১ মে’লৈ কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ

April 27, 2021 8:14 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আজি ২৭ এপ্ৰিলৰ পৰা অহা ১১মে’লৈ কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান ১৫দিন বাবে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা এক নিৰ্দেশনাত এই কথা কোৱা হৈছে।

সোমবাৰে কামৰূপ মেট্ৰ’ত ১০০০ৰো অধিক লোকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।

তাৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে প্ৰশাসনে।

নিৰ্দেশ অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অধীনৰ সকলো বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি বন্ধ থাকিব।

তদুপৰি, জিলাখনৰ ছাত্ৰ-ছাত্ৰী নিৱাস, কোচিং চেণ্টাৰসমূহো প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

সদ্যহতে ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব আৰু পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া জনোৱা হ’ব।

Related News