NORTHEAST NOW (Assamese)

চন্দ্ৰৰ বুকুত সূৰ্য্যোদয়ৰ লগে লগে আশাবাদী ইছৰোৰ বিজ্ঞানীসকল; নিদ্ৰা ভাঙিবনে লেণ্ডাৰ-ৰ’ভাৰৰ?

September 21, 2023 11:37 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাতিৰ আন্ধাৰ পাৰ হ’বলৈ আগবাঢ়িছে। চন্দ্ৰৰ বুকুত পুনৰ উদয় হ’ব সূৰ্য্য। আৰু নতুন সূৰ্য্যোদয়ৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানীসকলৰ মনত জাগি উঠিছে আশা। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত সকলো কাম সম্পূৰ্ণ কৰিছে। তাৰ পিছত চন্দ্ৰত নিশা হোৱাৰ বাবে দুসপ্তাহ ধৰি একেৰাহে শুই আছে। ১৪ দিনৰ পাছত চন্দ্ৰত সূৰ্য্যোদয়ৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তোলাৰ প্ৰয়াস কৰা হ’ব।

চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠিওৱাত ইছৰোৱে তেওঁলোকৰ ১৪ দিনৰ কাম থকা বুলি জনাইছিল। দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত ১৪ দিন চন্দ্ৰপৃষ্ঠৰ ফটো তোলাৰ লগতে চন্দ্ৰত বিভিন্ন খনিজ পদাৰ্থৰ নমুনা সংগ্ৰহ কৰিছিল। ফলত আপাত দৃষ্টিত সম্পূৰ্ণ সফল চন্দ্ৰযান-৩ অভিযান।

লগতে পঢ়ক: পাকিস্তানীৰ সৈতে ‘স্পৰ্শকাতৰ তথ্য বিনিময়’ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এজন লোক

চন্দ্ৰৰ বুকুত ৰাতি হোৱাত প্ৰজ্ঞান আৰু বিক্ৰমে কাম বন্ধ কৰিব লগা হ’ল। কাৰণ ৰাতি চন্দ্ৰৰ উষ্ণতা মাইনাছ ২০০ৰ পৰা ৩৫০ ডিগ্ৰীলৈকে হয়। এই চৰম বতৰৰ অৱস্থাত কাম কৰাটো দূৰৰ কথা, টিকি থকাটোৱেই কঠিন। সেইবাবেই চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ’ভাৰক শ্লিপ মোডলৈ পঠিওৱা হৈছিল।

এতিয়া আকৌ চন্দ্ৰত সূৰ্যোদয় হোৱাৰ সময় আহিছে। আৰু ইছৰোৰ বিজ্ঞানীসকলে  পুনৰ আশাত বন্দী হৈছে। যদিহে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান পুনৰ জাগি উঠে, তেন্তে এই অভিযান দুগুণ সফল বুলি বিবেচিত হ’ব।

লগতে পঢ়ক: এছিয়ান গেমছ: তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি নকআউটত ভাৰতৰ ভলীবল দল

বৃহস্পতিবাৰ-শুকুৰবাৰ চন্দ্ৰত সূৰ্য্যোদয় হ’ব। এই সময়তে চন্দ্ৰযানৰ মডিউলসমূহ পুনৰ সক্ৰিয় কৰাৰ চেষ্টা কৰা হ’ব। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয়, ‘লেণ্ডাৰ আৰু ৰ’ভাৰ শিৱশক্তি পইণ্টত ৰৈ আছে। ইছৰোৱে সূৰ্য্যোদয় হ’লে মডিউল দুটা পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰিব। আশাকৰোঁ ২২ ছেপ্টেম্বৰত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান পুনৰুজ্জীৱিত হ’ব।”

Related News