NORTHEAST NOW (Assamese)

অসমকে ধৰি ১৭ ৰাজ্যৰ বনাঞ্চলত বাস কৰা ১১ লাখ পৰিয়ালক উচ্ছেদৰ নিৰ্দেশ

February 22, 2019 10:29 am · এন ই নাও নিউজ
উচ্চতম ন্যায়ালয়। ফাইল ফটো

অসমকে ধৰি দেশৰ ১৭খন ৰাজ্যৰ বনাঞ্চলসমূহত বাস কৰি থকা কমেও ১১ লাখ পৰিয়ালক উচ্চতম ন্যায়ালয়ে উচ্ছেদ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে। বন অধিকাৰ আইনৰ অধীনত এই পৰিয়ালবিলাকে বনাঞ্চলত বসবাসৰ অধিকাৰ হেৰুওৱাৰ পাছতে দিয়া হৈছে এই উচ্ছেদৰ নিৰ্দেশ।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন বনাঞ্চলত বসবাস কৰা কমেও ২৭ হেজাৰ পৰিয়ালকো উচ্ছেদ কৰাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ে অহা ১২ জুলাইৰ ভিতৰত এই পৰিয়ালসমূহক উচ্ছেদৰ নিৰ্দেশ দিছে। তদুপৰি, ডেৰাডুনৰ ফৰেষ্ট ছাৰ্ভে অব্‌ ইণ্ডিয়াক উচ্ছেদৰ প্ৰমাণস্বৰূপে উপগ্ৰহযোগে সংগৃহীত আলোকচিত্ৰসহ এক প্ৰতিবেদন দাখিল কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত বিভিন্ন ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাত তিনিটা প্ৰজন্ম ধৰি দখল কৰি অহা আৰু অন্যান্য প্ৰমাণৰ অভাৱত বনাঞ্চলসমূহত বসবাস কৰি থকা কমেও ১১,৭২,৯৩১টা জনজাতীয় তথা অন্যান্য পৰিয়ালে দাবী কৰা মাটিৰ মালিকীস্বত্ব প্ৰত্যাখ্যান কৰা হৈছে।

আনহাতে, বন অধিকাৰ আইন অনুসৰি ২০০৫ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে কমেও তিনিটা প্ৰজন্ম বনাঞ্চলত বসবাস কৰাসকলক মাটিৰ অধিকাৰ প্ৰদান কৰা হয়।

উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশ দিয়াসকলৰ বেছিভাগেই মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু ওড়িশাৰ বনাঞ্চলত বাস কৰি থকা পৰিয়াল।

ন্যায়ালয়ে মাটিৰ অধিকাৰ দাবী সম্পৰ্কীয় যিবোৰ বিষয় এতিয়াও পৰীক্ষণ, পুনৰীক্ষণ আদি পৰ্যায়ত আছে সেইবোৰ অহা চাৰি মাহত সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

Related News