NORTHEAST NOW (Assamese)
অসম

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব; দাবী জি পি সিঙৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 3, 2020 8:52 pm
162851-pk-dutta

কেৱল নেপালতেই নহয়, য’তেই থাকক পি কে দত্তক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। এই দাবী কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

শনিবাৰে সংবাদ মাধ্যমৰ আগত জি পি সিঙে কয়, ‘মই সিদিনা কৈছিলো পি কে দত্ত ধৰা পৰিব। তাৰ পাছতে দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হ’ল। আমি অভাযান চলাই আছো। নেপালতে থাকক বা য’তে নাথাকক পি কে দত্ত ধৰা পৰিবই।‘

‘দিবন ডেকাৰ বিষয়ে বৰ্তমান একো ক’ব নোৱাৰিম। তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ লক-আপত ৰখা হৈছে। আমি যি তথ্য দিব লাগে সেয়া আদালতত দিম।‘ তেওঁ লগতে কয়।

ইপিনে, প্ৰশ্নকাকত ঘটনাৰ লগত যি যি জড়িত আছে সকলো গ্ৰেপ্তাৰ হ’বই বুলি তেওঁ দাবী কৰে।

তদুপৰি, চিআইডিত অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে বুলি উল্লেখ কৰি সিঙে লগতে কয় ‘ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে। দিবন ডেকাক সোধ-পোছ চলি আছে, পৰীক্ষণ চলি আছে।‘

বাতৰি অনুসৰি, প্ৰবৰ্তন সঞ্চালকালয়ৰ পত্ৰৰ পাছতে নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰি থকা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ইতিমধ্যে দত্ত আৰু ডেকা দুয়োজনৰে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ এখন তালিকা হস্তান্তৰ কৰিছে।

গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰে যে  ই ডিৰ পৰা পত্ৰ পোৱাৰ পাছতে অপৰাধ অনুসন্ধান শাখাই দত্ত আৰু ডেকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা হস্তান্তৰ কৰে।

ই ডিৰ সূত্ৰসমূহে লগতে সম্পত্তিসমূহৰ পৰীক্ষাৰ পাছতহে ইয়াৰ সঠিক হিচাপ নিৰ্দ্ধাৰণ কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে।

প্ৰাক্তন ডিআইজি দত্ত ভাৰত-নেপাল সীমান্তৰ ওচৰৰ কোনো স্থানত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা ২০ ছেপ্টেম্বৰত উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰা হৈছিল।

এই কেলেংকাৰিত এতিয়ালৈকে ২০জনতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।