শিক্ষা বিভাগৰ প্ৰবঞ্চনা তথা ভাবুকি! : আজিৰে পৰা পুনৰ প্ৰতিবাদত নামিল টেট শিক্ষক

সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক। সেয়েহে পুৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি আজিৰে পৰা পুনৰ প্ৰতিবাদ আৰম্ভ কৰে সদৌ অসম প্ৰাক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
শিক্ষক সমাজৰ অভিযোগ অনুসৰি টেট শিক্ষকৰ দৰমহা বন্ধ কৰাৰ ভাবুকিৰে চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাৰ হেঁচা সৰ্বশিক্ষা মিছনৰ। সেয়েহে অনিচ্ছাসত্ত্বেও পুনৰ আন্দোলনৰ হুংকাৰ দিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
শনিবাৰৰ দিনটোত অসমৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত জিলা মিছন সমন্বয়কৰ জৰিয়তে শিক্ষামন্ত্ৰী আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকলৈ দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।
নতুন চুক্তিপত্ৰৰ বিৰোধিতা তথা সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ দৰমহা বন্ধ কৰাৰ দৰে আমানৱীয় নিৰ্দেশনা বাতিল কৰি এই শিক্ষকসকলক পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৯ অক্টোবৰত সৰ্বশিক্ষা অভিযান মিছন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
উল্লেখযোগ্য যে যোৱা ১ জুলাই ২০২০ তাৰিখে অসম চৰকাৰৰ এক কেবিনেট সিদ্ধান্ত যোগে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হস্তাক্ষৰত এক চৰকাৰী নিৰ্দেশনা প্ৰদান কৰি টেট্ শিক্ষক সকলৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত বুলি ঘোষণা কৰিছিল।
এনে ক্ষেত্ৰত সেই সুৰক্ষা প্ৰদানৰ নামত বিভাগে শেহতীয়াকৈ জাপি দিয়া সম্পূৰ্ণ একপক্ষীয় চুক্তিপত্ৰ এখনে ক্ষোভিত আৰু শংকিত কৰি তুলিছে শিক্ষকসকলক।