NORTHEAST NOW (Assamese)

‘অল লাইভছ মেটাৰ’; ব্লেক লাইভছ মেটাৰ আন্দোলনক লুংগি এনগিদিৰ সমৰ্থনৰ পাছতে বয়েটা দিপেনাৰৰ মন্তব্য

July 10, 2020 9:22 pm · এন ই নাও নিউজ
Updated: July 10, 2020 9:25 pm
এনগিদি আৰু দিপেনাৰ, উৎস-ইণ্টাৰনেট

দক্ষিণ আফ্ৰিকাৰ তাৰকা বেগী বলাৰ লুংগি এনগিদিয়ে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনক সমৰ্থন কৰি মন্তব্য প্ৰকাশ কৰাৰ পাছতে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ বয়েটা দিপেনাৰে।

লুংগি এনগিদিৰ মন্তব্যৰ বিৰোধিতা কৰি দিপেনাৰে কয়, ‘অল লাইভছ মেটাৰ’।

দিপেনাৰে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনক বাওঁপন্থী সকলৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আন্দোলন আখ্যা দিয়ে।

”অল লাইভছ মেটাৰ। মই যদিও তোমাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হোৱাটো বিছৰা লুংগি তেনেহ’লে শ্বেটাংগ কৃষক সকলৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কতো মাত মতা, কাৰণ সকলোৰে জীৱন মূল্যবান,” দিপেনাৰে কয়।

আনহাতে, দিপেনাৰৰ মন্তব্যৰ পাছতে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে কয় সেইবাবে ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনৰ প্ৰয়োজন আছে কাৰণ আজি এগৰাকী কৃষ্ণাংগ খেলুৱৈয়ে মাত মতাৰ পাছতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’ল।

উল্লেখযোগ্য যে, বিগত মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰক্ষীয়ে এগৰাকী কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছত বিশ্বত ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনে গা কৰি উঠে।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিবাদকাৰী সকলে হিংসাত্মক আন্দোলন কৰে যদিও ব্ৰিটেইন, ফ্ৰাঞ্চ আদি দেশত ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলন আৰম্ভ হয়।

Related News