NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ : সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ দুমাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰিব দিল্লী চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 2:55 pm
ক’ভিড-১৯ : সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ দুমাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰিব দিল্লী চৰকাৰে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে ঘোষণা কৰিছে যে ৰাজ্যখনৰ প্ৰায় ৭২ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ দুমাহৰ বাবে বিনামূলীয়াভাৱে ৰেচন প্ৰদান কৰা হ’ব।

তদুপৰি তেওঁ ঘোষণা কৰে যে ৰাজ্যখনৰ সকলো অটোৰিক্সা আৰু টেক্সী চালকসকললৈ চৰকাৰৰ তৰফৰ পৰা ৫০০০ টকাকৈ আগবঢ়োৱা হ’ব।

অৱশ্যে এই সংক্ৰান্তত তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ এই ঘোষণাই ৰাজ্যখনত লকডাউন দুমাহলৈ বৃদ্ধি কৰাটো বুজোৱা হোৱা নাই।

কেজৰিৱালে কয় যে কেৱল দৰিদ্ৰ লোকসকলক আৰ্থিকভাৱে সকাহ দিবলৈ এই পদক্ষেপ লোৱা হ’ব।