NORTHEAST NOW (Assamese)

সদৌ তাই আহোম ছাত্র সন্থাৰ উদ্যোগত শিৱসাগৰত ছ্যু-কা-ফা দিৱসৰ আয়োজন

November 16, 2018 5:16 pm · হিতোজ্বল চেতিয়া

সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত, শিৱসাগৰ মহকুমা সমিতি- ডিমৌ আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অহা ২ ডিচেম্বৰত বিশাল প্ৰস্তুতিৰে কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱস (অসম দিৱস) উদযাপন কৰিবলৈ লোৱা হৈছে। সেই উদ্দেশ্যে আজি দিনৰ ১১ বজাত ডিমৌ ৰাজহুৱা খেলপথাৰত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ডিমৌ উন্নয়ন খণ্ড বিষয়া বিহংগী ভাগৱতী দাসৰ উপস্থিতিত ছ্যু-কা- ফা দিৱসৰ লাই খুঁটা স্থাপন কৰা হয়।

উদযাপন সমিতিৰ সভাপতি নৰনাথ চেতিয়াই পোন প্ৰথমে বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পাছত বিধায়ক কুশল দুৱাৰীয়ে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানটোত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু সমূহ বিষয়ববীয়াৰ লগতে ডিমৌ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰুৱা উপস্থিত থাকে।

উল্লেখ্য যে অহা ২ ডিচেম্বৰত হ’বলগিয়া ছ্যু-কা-ফা দিৱস (অসম দিৱস)ৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, বিপিন চাওদাং, নিৰ দীপাংকৰ, সুমন বৰুৱা আৰু বিজয় বিশালৰ আকৰ্ষণীয় সংগীতানুষ্ঠান অনুষ্ঠিত হব।

Related News