NORTHEAST NOW (Assamese)
দেশ

ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ব্যক্তিক সশস্ত্ৰ নিৰাপত্তাৰক্ষী প্ৰদান এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2025 2:17 pm

বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এজন ব্যক্তিক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যক্তিগত নিৰাপত্তা দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে।

কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰি তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে ভাবুকিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে ব্যক্তিগৰাকীয়ে।

এই নিৰ্দেশ ন্যায়াধীশ সংগীতা চন্দ্ৰ আৰু ন্যায়াধীশ ব্রিজ ৰাজ সিঙৰ সংমণ্ডল বিচাৰপীঠে এছ বিগনেশ শিশিৰৰ আৱেদনৰ শুনানিৰ সময়ত দিয়ে।

শিশিৰে কয় যে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাটক ৰাজ্যিক শাখাৰ সৈতে জড়িত।

লাইভ ল’ৰ তথ্য অনুসৰি শিশিৰে ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত কেইবাটাও পিআইএল দাখিল কৰিছে।

২০২৪ চনৰ জুন মাহত লক্ষ্ণৌৰ চিবিআইৰ বিশেষ অপৰাধ শাখাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি উল্লেখ কৰিছে শিশিৰে, যিটো পৰৱৰ্তী সময়ত নতুন দিল্লীৰ দুৰ্নীতি বিৰোধী-দ্বিতীয় শাখালৈ বদলি কৰা হৈছিল।তেওঁ অভিযোগ কৰে যে ৰাহুল গান্ধী এজন ব্ৰিটিছ নাগৰিক আৰু তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত এই তথ্য লুকুৱাই ৰাখিছিল।