NORTHEAST NOW (Assamese)
অসম

দেশজোৰা প্ৰতিবাদৰ পাছতে ধৰ্ষণকাৰীক মৃত্যু দণ্ড বিহাৰ ঘোষণা বাংলাদেশ চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 9:04 pm

বাংলাদেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ ওচৰত সেও মানি বাংলাদেশ চৰকাৰে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মঙলবাৰে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ইয়াক আইনত পৰিণত কৰিব বুলি বাংলাদেশৰ আইন মন্ত্ৰী আনিচুল হকে কয়।

বাংলাদেশৰ এটা মানৱ অধিকাৰ গোটে দাঙি ধৰা তথ্য অনুসৰি বাংলাদেশত বিগত জানুৱাৰি আৰু ছেপ্তেম্বৰ মাহৰ ভিতৰত ১০০০ৰ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

কিছু দিন পূৰ্বে দেশখনৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰবাসত এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল।

এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ বাংলাদেশতে ছাত্ৰ-ছাত্ৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বাংলাদেশৰ লগতে ভাৰততো চলিত বৰ্ষত ক্ৰমাগতভাৱে ধৰ্ষণ আৰু যৌন নিৰ্যাতন ঘটনা বৃদ্ধি পাইছে।

ভাৰতৰ মুখ্য চহৰ দিল্লী, বাংগালুৰু, লক্ষ্নৌ আদি ক্ৰমাৎ মহিলাৰ বাবে অসুৰক্ষিত চহৰলৈ ৰূপান্তৰিত হ’বলৈ লৈছে।