NORTHEAST NOW (Assamese)

‘সাতপাক অবিহনে হিন্দু বিবাহ অবৈধ’-মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

October 5, 2023 12:14 pm · এন ই নাও নিউজ, নতুন দিল্লী

ধৰ্মীয় ৰীতি-নীতি অবিহনে হিন্দু বিবাহ অবৈধ। এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাহ সম্পৰ্কীয় এক গোচৰত এইদৰে কয়। ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে হিন্দু বিবাহৰ এটা অপৰিহাৰ্য অংশ হ’ল অগ্নিক সাক্ষী কৰি দম্পতীহালৰ সাতপাক ঘূৰা। সকলো ৰীতি-নীতি অনুসৰি যদি বিবাহ সম্পূৰ্ণ নহয় তেন্তে আইনৰ দৃষ্টিত ই অবৈধ।

এজন ব্যক্তিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে আন এজন পুৰুষক বিয়া কৰাইছে যদিও তেওঁলোকৰ আইনী বিচ্ছেদ হোৱা নাছিল।

আদালতৰ সূত্ৰ অনুসৰি, ২০১৭ চনত সত্যম সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল স্মৃতি সিঙে। বিয়াৰ পিছতেই দুয়োৰে মাজত অশান্তি আৰম্ভ হ’ল। স্মৃতিয়ে শহুৰেকৰ ঘৰ এৰি গুচি গ’ল। স্বামী আৰু পৰিয়ালৰ আন এজন সদস্যৰ বিৰুদ্ধে যৌতুকৰ দাবীত নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হয়।

লগতে পঢ়কঃ ৰাখে হৰি মাৰে কোনে! সৎকাৰ কৰাৰ পূৰ্বে জী উঠিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা কেঁচুৱা

ইপিনে,সত্যমে ওলোটাই স্মৃতিৰ বিৰুদ্ধে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে স্মৃতিৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে। ইয়াৰ পিছত সত্যমে স্মৃতিৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰে।

অভিযোগ অনুসৰি, স্মৃতিয়ে দ্বিতীয় বিবাহৰ কথা স্বীকাৰ কৰিছে। যদিও স্মৃতিৰ অধিবক্তাই দাবী কৰে, এই অভিযোগো মিছা। তেওঁৰ শহুৰেকে অপ্ৰয়োজনীয় গোচৰ ৰুজু কৰি স্মৃতিক হাৰাশাস্তি কৰি আছে।

এই গোচৰৰ শুনানিৰ সময়তে ন্যায়াধীশ সঞ্জয় কুমাৰ সিঙে মন্তব্য কৰে,”যেতিয়ালৈকে বিবাহ সঠিক ৰীতি-নীতি অনুসৰি নহয়, তেতিয়ালৈকে বিবাহক বৈধ বুলি ক’ব নোৱাৰি।”

লগতে পঢ়কঃ ছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক

তেওঁ আৰু মন্তব্য কৰে যে, “হিন্দু বিবাহ ব্যৱস্থা অনুসৰি যদি বিবাহ বৈধ নহয়, তেন্তে আইনৰ দৃষ্টিতো ই বৈধ বিবাহ নহয়। সাতপক হিন্দু বিবাহৰ এক অপৰিহাৰ্য অনুষ্ঠান। বৰ্তমানৰ গোচৰটোত তাৰ প্ৰমাণ পোৱা নগ’ল।”

উল্লেখ্য যে হিন্দু বিবাহ আইনত উল্লেখ আছে যে সাতপাককে ধৰি সকলো ৰীতি-নীতি অনুসৰি বিবাহ সম্পাদন কৰিব লাগে। আদালতে সেই উদাহৰণকে দাঙি ধৰিলে।

Related News