NORTHEAST NOW (Assamese)
Popular Stories

বিবাহিত পুৰুষৰ লিভ-ইন সম্পৰ্ক অপৰাধ নহয়; নীতি-নৈতিকতা আইনৰ উৰ্দ্ধত নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2026 7:50 am

যদি কোনো বিবাহিত পুৰুষৰ সন্মতি সাপেক্ষে কোনো প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে লিভ-ইন সম্পৰ্ক থাকে, তেন্তে সেয়া আইনত অপৰাধ নহয় – এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰত এই পৰ্যবেক্ষণ কৰে। একে সময়তে আদালতে স্পষ্ট কৰি দিলে যে এজন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত আদালতত সামাজিক নীতি বা নৈতিকতাই প্ৰাধান্য নাপাব।

গোচৰৰ আঁৰত আছে এহাল দম্পতী। ইয়াৰে পুৰুষজন বিবাহিত। প্ৰেমিকাই দাখিল কৰিছিল এই গোচৰ। তেওঁ পৰিয়ালে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ সুৰক্ষা বিচাৰে। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ নিজৰ ইচ্ছামতে পুৰুষজনৰ সৈতে থাকে, কিন্তু পৰিয়ালে তেওঁক ‘অনাৰ কিলিং’ৰ ভাবুকি দিছে। অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকক অৱগত কৰাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে।

এই প্ৰসংগত আদালতে কয় যে, “যদি দুজন প্ৰাপ্তবয়স্কই পাৰস্পৰিক সন্মতিৰে একেলগে থাকে, তেন্তে ই কোনো কাৰণতে অপৰাধ নহয়।” আদালতৰ মতে আইন আৰু নৈতিকতা দুটা বেলেগ কথা। আইনৰ দৃষ্টিত যদি কোনো অপৰাধ নাই, তেন্তে সামাজিক মতামত বা নৈতিকতাৰ ভিত্তিত আদালতে সিদ্ধান্ত ল’ব নোৱাৰে।

আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে আদালতে। ইয়াত কোৱা হৈছে যে দুজন প্ৰাপ্তবয়স্কৰ সুৰক্ষা নিশ্চিত কৰাটো আৰক্ষীৰ দায়িত্ব। এই ক্ষেত্ৰত সেই কৰ্তব্য পালনত গাফিলতিৰ অভিযোগো উত্থাপন হৈছে। ব্যক্তিগতভাৱে দম্পতীহালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে।

দম্পতীহালৰ বিৰুদ্ধে দাখিল কৰা অপহৰণৰ গোচৰত গ্ৰেপ্তাৰৰ ক্ষেত্ৰতো স্থগিতাদেশ জাৰি কৰিছে আদালতে। একে সময়তে মহিলাগৰাকীৰ পৰিয়ালে দম্পতীহালক কোনো ধৰণৰ ক্ষতি নকৰিবলৈ বা তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই ৰায়দানৰ জৰিয়তে আকৌ এবাৰ স্পষ্ট হৈ পৰিছে যে ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত আদালতে সামাজিক হেঁচা বা প্ৰচলিত নীতিক নহয়, আইনৰ ব্যাখ্যাকেই অগ্ৰাধিকাৰ দিছে।