NORTHEAST NOW (Assamese)
অসম

এইবাৰ ট্ৰাম্পৰ লক্ষ্য কিম জং উন! হঠাতে কিয় কোৰিয়ালৈ সৈন্য প্ৰেৰণ কৰিলে আমেৰিকাই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2026 12:25 pm

ইৰাণত যুদ্ধ চলি আছে। এনে পৰিস্থিতিত আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত কোৰিয়ান পেনিনছুলাকলৈ উত্তাপ বৃদ্ধি পাইছে। ইতিমধ্যে আমেৰিকাই দক্ষিণ কোৰিয়াৰ সৈতে ফ্ৰিডম শ্বিল্ড নামেৰে এক সামৰিক অনুশীলন আৰম্ভ কৰিবলৈ আগবাঢ়িছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলনত সহস্ৰাধিক জোৱানে অংশগ্ৰহণ কৰিব। এই অনুশীলন আজিৰ পৰা আৰম্ভ হ’ব আৰু ১৯ মাৰ্চলৈকে চলিব বুলি জানিব পৰা গৈছে।

দক্ষিণ কোৰিয়াৰ জইন্ট চীফ অফ ষ্টাফে কয় যে ইয়াত ১৮ হাজাৰৰো অধিক সৈন্যই অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে ফ্ৰিডম শ্বিল্ডত অংশগ্ৰহণ কৰিব। আজিৰ পৰা আৰম্ভ হ’ব অনুশীলন আৰু ১৯ মাৰ্চলৈকে চলি থাকিব। অৱশ্যে সৈনিকৰ সংখ্যা এতিয়াও আমেৰিকাই ঘোষণা কৰা নাই।

এই অনুশীলন কিয়? ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাই দক্ষিণ কোৰিয়াৰ সৈতে সামৰিক অনুশীলন কৰিবলৈ ওলোৱা ঘটনাই সমগ্ৰ বিশ্বতে নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে এই অনুশীলনৰ জৰিয়তে ৱাশ্বিংটনে দক্ষিণ কোৰিয়াত নিজৰ সামৰিক সম্পদ মজুত কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ইৰাণৰ বিৰুদ্ধে যুঁজিব বিচাৰে।

কিন্তু কোৰিয়াত থকা আমেৰিকান বাহিনীয়ে এই বিষয়বোৰৰ ওপৰত এতিয়াই কোনো কথা ক’ব বিচৰা নাই। আনকি দক্ষিণ কোৰিয়াইও এই বিষয়ত কোনো ৰাজহুৱা বক্তব্য দিয়া নাই।

ইতিমধ্যে উত্তৰ কোৰিয়াই এই বিষয়ত আপত্তি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। কিম জং উনৰ দেশখনৰ মতে, এনে যৌথ অখৰা বা অনুশীলনে দৰাচলতে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

এনে পৰিপ্ৰেক্ষিতত উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে যোৱা মাহত পাংগংত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনৰ সময়ত ছিউল সন্দৰ্ভত নিজৰ স্থিতি ঘোষণা কৰিছিল। তেওঁ কয় যে তেওঁলোকে ৱাশ্বিংটনৰ সৈতে ছিউলৰ বিষয়ে কথা পাতিবলৈ ইচ্ছুক। কিন্তু তাৰ আগতে আমেৰিকাই পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত দিয়া পূৰ্বচৰ্তসমূহ উঠাই ল’ব লাগিব।

মনত ৰখা উচিত যে ২০১৯ চনৰ পৰা উত্তৰ কোৰিয়াই ৱাশ্বিংটন আৰু ছিউলৰ সৈতে হোৱা সকলো ধৰণৰ আলোচনা বন্ধ কৰি দিছে। ড’নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত কিম জং উনে তেওঁৰ সৈতে সাক্ষাৎ কৰিছিল। কিন্তু তাৰ পৰা কোনো ফলপ্ৰসূ কোনো উপায় নোলাল। ইয়াৰ বিপৰীতে সমস্যা বাঢ়ি গৈ থাকিল।

আনহাতে, ৰাছিয়াৰ সৈতে ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা কিমে ইয়াৰ সুযোগ লৈ আহিছে। তেওঁ ৰাছিয়াৰ ওচৰ চাপি আহিছে। আনকি তেওঁলোকৰ পাৰমাণৱিক ক্ষমতা বৃদ্ধিৰ কামো আৰম্ভ কৰিছে। অৱশ্যে এতিয়া আমেৰিকাই পুনৰ দক্ষিণ কোৰিয়াৰ সৈতে যৌথ অনুশীলন নামিছে। ফলত উত্তাপ বৃদ্ধি পাইছে।