NORTHEAST NOW (Assamese)
Popular Stories

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসভ্য আচৰণৰ অভিযোগ প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 3:11 pm
index.jpg11

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰিত পৰিবেশকৰ ভুল উচ্চাৰণ, ভুল বাক্যৰ গাঠনি, দুৰ্বল উপস্থাপন শৈলীক লৈ আপত্তি তুলিছে বহু নিয়মীয়া শ্ৰোতাই।

প্ৰত্যেকৰে অভিযোগৰ আঙুলি এজন জ্যেষ্ঠ বাতৰি পঢ়োতাকলৈ। তেওঁ প্ৰিয়ব্ৰত হাজৰিকা।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ  অনাতাঁৰ বাতৰি বিভাগৰ বাতৰি পৰিবেশক তথা অনুবাদক প্ৰিয়ব্ৰত হাজৰিকা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিবেশকৰ একমাত্ৰ স্থায়ী পদটোত অধিষ্ঠিত হৈ আছে এইগৰাকী প্ৰিয়ব্ৰত হাজৰিকা।

কিন্তু শ্ৰোতাৰ অভিযোগৰ পাছতেই অসমীয়া বাতৰি পৰিবেশক প্ৰিয়ব্ৰত হাজৰিকাক তাৎক্ষনিকভাৱে বদলি কৰা হৈছে। ২১ জুলাইত এক নিৰ্দেশনাযোগে তেওঁক পোৰ্ট ব্লেয়াৰলৈ বদলি কৰিছে প্ৰচাৰ ভাৰতীয়ে।

হাজৰিকাৰ বাতৰিৰ পঢ়াৰ শৈলীক লৈ শ্ৰোতাই ধাৰাবাহিক ভাবে আপত্তি তুলি আহিছে। কেইবাগৰাকীও শ্ৰোতাই এই সম্পৰ্কে আকাশবাণী গুৱাহাটী তথা প্ৰচাৰ ভাৰতীক টুইটাৰযোগে অভিযোগ দাখিল কৰি আহিছে।

একেদৰে বাতৰি কাকততো প্ৰকাশ পাইছে বিভিন্নজনৰ অভিযোগ সন্নিবিষ্ট লিখনি।

যি সময়ত মহামাৰী ক’ৰ’ণা ভাইৰাছ’ৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা ‘লকডাউন’-এ অগণন জনতাৰ বাবে হাহাকাৰ নমাই আনিছে। তেনে সময়ত এইগৰাকী জ্যেষ্ঠ বাতৰি পৰিবেশকে বাতৰিত পঢ়িছে ‘হেঁপাহৰ লকডাউন’ বুলি। এই অভিযোগো বাতৰি কাককৰ জৰিয়তে শ্ৰোতাই প্ৰকাশ কৰিছে।

কিন্তু প্ৰাপ্ত খবৰ অনুসৰি, প্ৰচাৰ ভাৰতীৰ বদলিৰ নিৰ্দেশৰ পাছতেই চলে-বলে কৌশলেৰে গুৱাহাটী নেৰাৰ বাবে চেষ্টা চলাইছিল প্ৰিয়ব্ৰত হাজৰিকাই।

ইপিনে, তেওঁৰ বদলিৰ বিৰোধিতা কৰি একাংশ সংবাদ প্ৰতিষ্ঠানে বাতৰিও প্ৰকাশ কৰিছে। তেওঁৰ বদলিক অসমীয়াৰ প্ৰতি অন্যায়ৰ ৰূপ দিয়াৰো চেষ্টা চলাইছে একাংশই।

ইপিনে, প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে আন এক অভিযোগ। বদলিৰ নিৰ্দেশৰ পাছতো যোৱা ২৩ জুলাইত তেওঁ বলপূৰ্বক ষ্টুডিঅ’লৈ সোমায় যায়। সেইদিনা পুৱাৰ আঞ্চলিক বাতৰিৰ দায়িত্বত থকা প্ৰযোজকে তেওঁক বাধা দিয়াৰ লগে লগে, হাজৰিকাই অশ্ৰাব্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি পাছত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় বুলিও জানিব পৰা গৈছে। এই সন্দৰ্ভত দায়িত্বত থকা প্ৰযোজক গৰাকীয়ে উৰ্ধতম কৰ্তৃপক্ষলৈ লিখিত অভিযোগ দাখিল কৰিছে।

অৱশ্যে, অৱশেষত প্ৰিয়ব্ৰত হাজৰিকা পোৰ্ট ব্লেয়াৰলৈ যাবলৈ মান্তি হোৱা বুলি জানিব পৰা গৈছে।