NORTHEAST NOW (Assamese)

মন্ত্ৰী নৱ দলেৰ ছত্ৰছায়াত PMAYGৰ অধীনৰ গৃহ আবণ্টনত ব্যাপক দুৰ্নীতিৰ অভিযোগ

August 6, 2019 10:42 pm · শান্তনু শইকীয়া
Updated: August 6, 2019 10:52 pm
আজি গুৱাহাটীত অনুষ্ঠিত PMAYGৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ ছবি। ফটো - য়ু বি

প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীন) চমুকৈ PMAY(G)ৰ অধীনত আজি ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভৰাম্ভ হোৱা ১ লাখতকৈ অধিক বাসগৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সময়তে গৃহ আবণ্টনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে।

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন মন্ত্ৰী নৱ দলেৰ সমষ্টি ঢকুৱাখানাত উক্ত আঁচনিৰ অধীনত গৃহ আবণ্টনৰ নামত দুৰ্নীতি চলি থকাৰ অভিযোগ আনিছে সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাই।

সংগঠনটোৰ সাংগঠনিক সম্পাদক প্ৰণব জ্যোতি নাথে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কয়, ‘নৱ দলেৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ একাংশই PMAYৰ গৃহ আবণ্টনৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে।‘

সোণাৰি চাপৰি গাঁও পঞ্চায়তত গৃহ আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘বি পি এল আই ডি নং ২০৩/২৩৮/২৩২/২৪২/২৪৪/২১৪/২৩৩/২৫৯ আদিত দুটাকৈ গৃহ আবণ্টন কৰা হৈছে। কিন্তু প্ৰকৃত গৰাকীসকল বৰ্তমানেও এই বিষয়ত অজ্ঞাত।‘

সংবাদ মাধ্যমৰ আগত তেওঁ গৃহ আবণ্টন তালিকাত নাম সোমোৱা ‘মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ’ একাংশ ব্যক্তিৰ নাম উল্লেখ কৰে। তেওঁলোক হৈছে ‘স্বাস্থ্য বিভাগত কৰ্মৰত ঘনকান্ত চুতীয়া, শিক্ষা বিভাগত কৰ্মৰত গোপাল নাথ, গুণকান্ত দত্ত, যোগেন্দ্ৰ নাথ, সীমা সশস্ত্ৰ বাহিনীত কৰ্মৰত মহেন্দ্ৰ ফুকন, চি আৰ পি এফৰ প্ৰাক্তন জোৱান প্ৰশান্ত নাথ (বৰ্তমান বিজেপিৰ বুথ সভাপতি)।’

সংগঠনটোৱে মুখ্য মন্ত্ৰীক সম্পূৰ্ণ বিষয়টো উচ্চস্তৰীয় তদন্তৰ আওতালৈ অনাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলেকো চি বি আইৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।

Related News