NORTHEAST NOW (Assamese)
অসম

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ May 27, 2022 11:27 am

লোক নিৰ্মাণ বিভাগৰ বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে শিৱসাগৰত অপৰিকল্পিতভাৱে এটা পথ নিৰ্মাণৰ অভিযোগ উঠিছে।

দিচাংমুখৰ পৰা আজানপীৰ দৰগাহ তিনিআলি সংযোগী এটা মথাউৰি। এই মথাউৰিটোৰ ওপৰতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অফলাৰ পৰা আজানপীৰ দৰগাহ তিনিআলিলৈ নিৰ্মাণ কৰা হৈছে এটা পকী পথ।

পিছে পথ নিৰ্মাণ চলি থকাৰ সময়তেই এতিয়া ঠায়ে ঠায়ে খহিছে মথাউৰিৰ মাটি। যাৰবাবে বালিৰ বস্তা দি মথাউৰিৰ খহনীয়া ৰোধৰ চেষ্টা চলাইছে বিভাগীয় বিষয়া আৰু ঠিকাদাৰে।

ফটো: নৰ্থইষ্ট নাও।

ৰাইজৰ অভিযোগ দুৰ্বল মথাউৰিটো ভালদৰে নিৰ্মাণ নকৰি তাৰ ওপৰত অপৰিকল্পিতভাৱে পথ নিৰ্মাণ কৰাৰ বাবেই বাৰিষাৰ বৰষুণত এইদৰে ঠায়ে ঠায়ে মথাউৰিৰ মাটি খহিছে।

স্থানীয় ৰাইজৰ অভিযোগ পথটো নিৰ্মাণৰ বাবে অহা প্ৰায় ২ কোটি ৩৯ লাখ টকাৰ সৰহ অংশ আত্মস্যাৎ কৰাৰ ষড়যন্ত্ৰ লোকনিৰ্মাণ বিভাগৰ বিষয়া ঠিকাদাৰৰ।  

ৰাইজে এতিয়া দাবী কৰিছে যে দুৰ্বল মথাউৰিটোৰ দুয়োকাষে ভালদৰে ছাইদ বাম বনাই তাৰ পিছত পথটো পকী কৰক।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, শিৱসাগৰ সমষ্টিৰ বহু কেইটা পথ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধে নিজে চৰজমিন তদন্ত কৰা বিধায়ক অখিল গগৈক স্থানীয় ৰাইজৰ দাবী অফলা- আজানপীৰ দৰগাহ সংযোগী এই পথ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰক।