NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিত অনিয়মৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ল বঞ্চিত প্ৰাৰ্থী

May 13, 2022 7:01 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে ঘোষিত হ’ল অসম আৰক্ষীৰ সৰ্বমুঠ ৯,০১৭ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল। দীৰ্ঘদিনীয়া চেষ্টা তথা অনুশীলনৰ পাছত মুখত হাঁহি বিৰিঙিল বহু নিবনুৱা যুৱক-যুৱতীৰ।

পূৰ্বেই ঘোষিত তাৰিখ অনুসৰি ১৪ মে’ত খানাপাৰাত উক্ত পদসমূহত নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

কিন্তু নিযুক্তি পত্ৰ প্ৰদানৰ এদিন পূৰ্বে আজি এই নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছে একাংশ বঞ্চিত প্ৰাৰ্থী।

উচ্চ ন্যায়ালয়ত আজি একাংশ প্ৰাৰ্থীয়ে অনিয়মৰ অভিযোগ উত্থাপন কৰি লেখ আবেদন দাখিল কৰিছে।

নিযুক্তি লাভৰ বাবে একাংশ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছে বুলি এই আবেদনত অভিযোগ কৰা হৈছে।

আনহাতে এই আবেদন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু গৃহ বিভাগলৈ জাননী জাৰি কৰিছে।

অৱশ্যে শুনানিৰ সময়ত ন্যায়ালয়ে নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখাৰ সন্দৰ্ভত কোনো ৰায় প্ৰদান কৰা নাই।

Related News