‘বিচিচিআইৰে চুক্তিৱদ্ধহীন ক্ৰিকেটাৰক বিদেশী লীগত খেলিবলৈ দিয়ক’ : সুৰেশ ৰাইনা
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ গ’ৰ্ভিং ব’ডীয়ে ভাৰতীয় ক্ৰিকেটাৰক বিগ বাশ্ব লীগৰ দৰে বিদেশী লীগত খেলাৰ অনুমতি দিব লাগে।
এই দাবী ভাৰতীয় ক্ৰিকেটাৰ বটছমেন সুৰেশ ৰাইনাই
বিচিচিআইৰ বৰ্তমানৰ নিয়ম অনুসৰি ভাৰতীয় ক্ৰিকেটাৰে বিদেশী লীগত অংশগ্ৰহণ কৰিব নোৱাৰে।
ভাৰতীয় দলৰ প্ৰাক্তন বেটছমেন সুৰেশ ৰাইনাই মতে ব’ৰ্ডৰ সৈতে অচুক্তিৱদ্ধ পুৰুষ ক্ৰিকেটাৰসকলক অষ্ট্ৰেলিয়াৰ বিগ বাশ্ব লীগৰ দৰে প্ৰতিযোগিতা অংশগ্ৰহণৰ বাবে অনুমতি দিব লাগে।
উল্লেখ্য যে কিছু বছৰ ধৰি সুৰেশ ৰাইনা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছে।
বিশেষকৈ বিৰাট কৌহলি ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ পিঠৰে পৰা সুৰেশ ৰাইনাই জাতীয় দলত স্থান লাভ কৰা নাই।
অথচ ৰাইনা ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলৰ প্ৰতিটো ছিজনতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে।
‘মই আশা কৰো বিচিচিআই আইচিচি আৰু ফ্ৰেঞ্চাছিসকলে ব’ৰ্ডৰ সৈতে চুক্তিৱদ্ধহীন ক্ৰিকেটাৰক বিদেশী লীগত খেলিবলৈ দিব।’ ৰাইনাই কয়।
‘য়ুছুফ পাঠান, মই আৰু ৰবীন উত্থাপা আৰু বহু প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰে বিদেশী লীগৰ পৰা বহু শিকিব পাৰিম।’ ক্ৰিকেটাৰ গৰাকীয়ে কয়।
‘আমি এতিয়া বিচিচিআইৰে চুক্তিৱদ্ধ হৈ থকা নাই, আমাৰ মাজৰে কিছুসংখ্যকৰ আইপিএলৰ লগতো চুক্তিৱদ্ধ নহয়।’
‘আমি এতিয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটো খেলি থকা নাই আৰু ঘৰুৱা ক্ৰিকেট আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ নহয়।’ ৰাইনাই লগতে কয়।