NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

Posted by: ৰিদিপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা, কলিয়াবৰ August 11, 2022 8:56 am

কলিয়াবৰত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী। মিছাৰ সমীপৰ বৰালিগাঁৱৰ ৰাজপথত উদ্ধাৰ কিশোৰীগৰাকী। স্থানীয় ৰাইজৰ সহযোগত মিছা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।

কিশোৰীগৰাকীয়ে নিজকে জীৰমিকা তিমুংপি বুলি পৰিচয় দিছে। কিশোৰীগৰাকীৰ ঘৰ কাৰ্বি আংলঙৰ ডিফুত আৰু পিতৃৰ নাম মঙ্গল তিমুং বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কিশোৰীগৰাকীৰ সঠিক ঠিকনা নোপোৱাত নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ কৰে।

 

কিশোৰী গৰাকীৰ ঘৰ ডিফুৰ কোন ঠাইত বা কাৰোৱাৰ কিবা ফোন নম্বৰ আদি আছে নেকি ইত্যাদি তথ্য আৰক্ষীক দিব নোৱাৰাত আৰক্ষীয়ে কিশোৰীগৰাকীক নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ কৰে।

যদিহে কোনোবাই ছোৱালীজনীৰ সঠিক ঠিকনা লাভ কৰে অথবা প্ৰকৃত পৰিচয় জানে তেন্তে কলিয়াবৰৰ মিছা আৰক্ষীক অৱগত কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।