NORTHEAST NOW (Assamese)
অসম

মধ্যপ্ৰদেশত কফ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 9:54 am

কফ চিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত ১১টা শিশুৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিশুকেইটাক কল্ড্ৰিফ কাহৰ চিৰাপ প্ৰদান কৰা চিকিৎসক ডাঃ প্ৰৱীণ ছোনীক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি, তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ শ্ৰীছান ফাৰ্মাচিউটিকেল কোম্পানীৰ বিৰুদ্ধেও মধ্যপ্ৰদেশ চৰকাৰে এজাহাৰ দাখিল কৰিছে।

ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশ চৰকাৰে কলড্ৰিফ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। বিষয়াসকলে কৈছিল যে এই ঔষধৰ নমুনাত ৪৮.৬% ডাইথাইলিন গ্লাইকল পোৱা গৈছে, যিটো অতি বিষাক্ত পদাৰ্থ। চেন্নাইৰ ড্ৰাগ টেষ্টিং লেবৰেটৰীত চৰকাৰী ঔষধ বিশ্লেষকে পৰীক্ষা কৰা চিৰাপৰ নমুনা এটাক তামিলনাডুৰ ঔষধ নিয়ন্ত্ৰণ বিভাগে “মানক মানদণ্ডৰ নহয়” বুলি ঘোষণা কৰিছে।

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ অধিকাংশ অসুস্থ শিশুক পাৰছিয়া অঞ্চলৰ স্থানীয় শিশু চিকিৎসক ডাঃ পাৰবীন ছোনীয়ে কলড্ৰিফ কাফ চিৰাপ খাবলৈ পৰামৰ্শ দিছিল। কিছু পৰিমাণে সুস্থ হৈ উঠাৰ পাছত পাৰছিয়াত ১১টা, চিণ্ডৱাৰা চহৰত ২টা আৰু চৌৰাইত এটা শিশুৰ কিডনী বিকল হৈ মৃত্যু হয়।

এই ঘটনাৰ পিছতে চিকিৎসক আৰু ঔষধ প্ৰস্তুতকাৰী কোম্পানীক লৈ ক্ষোভিত হৈ পৰিছে সন্তানহীন পৰিয়ালবোৰ। মধ্যপ্ৰদেশৰ বাহিৰেও ৰাজস্থানতো ক’লড্ৰিফ আৰু নেক্সট্ৰ’-ডিএছ ঔষধ সেৱন কৰি শিশুৰ মৃত্যু হৈছে।

মুখ্যমন্ত্রী মোহন যাদৱে শিশুৰ মৃত্যুক অত্যন্ত দুখজনক বুলি অভিহিত কৰি দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি কয়৷ শনিবাৰে তেওঁ এক্সত লিখিছে, “কল্ড্ৰিফ চিৰাপৰ বাবে চিণ্ডৱাৰাত শিশুৰ মৃত্যু অতি দুখজনক। সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। চিৰাপ নিৰ্মাতা কোম্পানীটোৰ অন্যান্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।”

শনিবাৰে তেওঁ লগতে লিখিছে “আজি পুৱা তদন্তৰ প্ৰতিবেদন পোৱা হৈছে। যাৰ ওপৰত ভিত্তি কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুৰ কৰুণ মৃত্যুৰ পিছত স্থানীয় পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিষয়ৰ তদন্তৰ বাবে ৰাজ্যিক পৰ্যায়তো এটা দল গঠন কৰা হৈছে। কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব।”

উল্লেখ্য যে মধ্যপ্ৰদেশৰ উপৰিও শিশুৰ মৃত্যুৰ পিছত ৰাজস্থান, তামিলনাডু আৰু কেৰালাতো কলড্ৰিফ কফ চিৰাপ নিষিদ্ধ কৰা হৈছে।