NORTHEAST NOW (Assamese)
Popular Stories

৮ অক্টোবৰত ভাৰতলৈ আহিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 8:56 am

আঠ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ ভাৰত ভ্ৰমণ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰে

এই ভ্ৰমণৰ সময়ত ষ্টাৰমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বুলি শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। গাজা আৰু ইউক্ৰেইনত চলি থকা যুদ্ধৰ পটভূমিত এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে

ভাৰত আৰু সংযুক্ত গণৰাজ্যৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ কেইমাহমানৰ পাছত ষ্টাৰমাৰৰ এই ভ্ৰমণে দ্বিপাক্ষিক বাণিজ্যক সম্পৰ্ক আৰু অধিক উন্নীত কৰিব বুলি আশা কৰা হৈছে।

এই ভ্ৰমণৰ সময়ত ষ্টাৰমাৰ আৰু মোদীয়ে ৯ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হবলগীয়া গ্লবেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰিব।

উল্লেখ্য যে, দুয়োগৰাকী নেতাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দ্বাৰা প্ৰস্তাৱিত গাজা শান্তি পৰিকল্পনাক আদৰণি জনাইছে। এই বিষয়ে দুয়োজন ৰাষ্ট্ৰপ্ৰধানে আলোচনা কৰাৰ সম্ভাৱনা আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে ৯ অক্টোবৰত মুম্বাই ভ্ৰমণৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আদি বিষয়ে আলোচনা কৰিব।