প্ৰথমে পূণ্য, পিছত পাপ! মন্দিৰত প্ৰাৰ্থনা কৰি লুটপাত চলালে চোৰে
চুৰিৰ উদ্দেশ্যে এজন লোক সোমাল এটা মন্দিৰত। পিছে চুৰিৰ ‘পাপ‘ কৰাৰ পূৰ্বে তেওঁ প্ৰথমে কৰি ল’লে কিছু পূণ্য। মন্দিৰৰ মূৰ্তিৰ সমুখত প্ৰথমে কৰিলে প্ৰাৰ্থনা আৰু তাৰ পিছতে চলালে লুটপাত।
এই ঘটনা ৰাজস্থানৰ। এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য মন্দিৰৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। অভিযুক্ত লোকজনক গোপেশ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ৰাজস্থানৰ আলৱাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।
চিচিটিভি ফুটেজত দেখা দৃশ্য অনুসৰি, শৰ্মাই আলৱাৰৰ আদৰ্শ নগৰ অঞ্চলৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰি তাৰ পিছতে মন্দিৰৰ চান্দা বাকচৰ পৰা ধন উলিয়া্য। তদুপৰি মন্দিৰৰ তলা ভাঙি ধনসহ, ৰূপৰ গহনা তথা আন কিছু সামগ্ৰী চুৰি কৰি লৈ যায়।
আলৱাৰৰ আন এক মন্দিৰতো অনুৰূপ ঘটনা সংঘটিত হয় আৰু সেই চুৰিকাণ্ডও চিচিটিভিত ধৰা পৰে। চুৰিৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চিচিটিভিৰ ফুটেজৰ পৰা গোপেশ শৰ্মাক চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ জেৰাত তেওঁ কেইবাটাও মন্দিৰত একেধৰণৰ চুৰি কাণ্ড সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰে। জেৰাত আৰক্ষীয়ে লগতে গোপেশ শৰ্মাই চুৰিৰ বাবে কেৱল মন্দিৰক লক্ষ্য কৰি লয় বুলি জানিব পাৰে।
সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ পুৰণি ৰেকৰ্ডৰ সন্ধানত অব্যাহত ৰাখিছে। তদন্তৰ সময়ত আন আন ঘটনাও পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।