NORTHEAST NOW (Assamese)

হস্তশিল্পৰ উদ্যোগ স্থাপনেৰে নগাঁৱৰ এজন যুৱকে দেখুৱাইছে আদৰ্শ

September 14, 2019 8:00 pm · বনানী শৰ্মা
Updated: September 14, 2019 8:03 pm

যি সময়ত এটা চাকৰি নাপাই ৰাজ্যৰ লাখ লাখ ডেকা গাভৰুৱে নিবনুৱা হৈ থাকিব লগা হৈছে সেই সময়তে আনুষ্ঠানিক শিক্ষাৰ অবিহনে নগাঁৱৰ এজনে যুৱকে হস্তশিল্পৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে আন দহজনক সংস্থাপন দিবলৈ সক্ষম হৈছে।

সৰুৰে পৰা ছবি আকি ভাল পোৱা নগাঁও ধিঙৰ যুৱক অমৰ জিৎ গোস্বামীয়ে ২০১১ চনত হস্তশিল্পৰ এটা উদ্যোগ স্থাপন কৰে। বৰ্তমান তেওঁৰ উদ্যোগত নিয়োজিত হৈ আছে প্ৰায় ২০ গৰাকীকৈ শ্ৰমিক।

নিজৰ সৃষ্টিশীল চিন্তাৰে উদ্যোগী যুৱকজনে পাট মূগা আৰু কাৰ্বি, বড়ো আদি পৰম্পৰাগত ডিজাইনৰ বিভিন্ন আকৰ্ষণীয় বেগ, টুপী, ফাইল কভাৰ প্ৰস্তুত কৰি ক্ৰেটাৰ পৰা সমাদৰ লাভ কৰিবলৈ হৈছে।

গোস্বামীৰ উদ্যোগত প্ৰস্তুত হোৱা সামগ্ৰীসমূহ উত্তৰ-পূবৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ অহা বাণিজ্যিক মেলা আদিত উপলব্ধ হয়।

ভৱিষ্যতে বিশ্বৰ বিভিন্ন ঠাইলৈ তেওঁৰ সামগ্ৰীসমূহ উলিয়াই নিয়াৰ পৰিকল্পনা আছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে তেওঁৰ উদ্যোগত কাম কৰা সৰহসংখ্যকে হৈছে মহিলা কৰ্মচাৰী।

অসমৰ হস্তশিল্পই হওক বা হস্ততাঁত শিল্পই হওক তাক সঠিক দিশত উপস্থাপন কৰিব পাৰিলে এখন বিশাল বজাৰ লাভ কৰিব পাৰি বুলি অমৰ জিৎ গোস্বামীয়ে কয়।

Related News