NORTHEAST NOW (Assamese)
Popular Stories

কৰ্মচাৰীক টিক টক ডিলিট কৰিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ এমাজনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 7:16 am
tik123

বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া চীনৰ এপৰ বিৰুদ্ধে জাগৰণৰ সৃষ্টি হৈছে। এনে সময়তে অন্যতম অনলাইন শ্বপিং কোম্পানী এমাজনে ইয়াৰ কৰ্মচাৰী সকলক তেওঁলোকৰ মোবাইলৰ পৰা টিক টক এপ ডিলিট কৰিবলৈ জাৰি কৰা নিৰ্দেশে কৰ্মচাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।

এমাজন কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশ অনুসৰি ১০ জুলাইৰ ভিতৰত এমাজনৰ কৰ্মচাৰী সকলে তেওঁলোকৰ মোবাইল, কম্পিউটাৰ ডিভাইছৰ পৰা টিক টক এপ ডিলিট কৰিব লাগিছিল।

এমাজনৰ এনে সিদ্ধান্তৰ পিছতে টিক টক কৰ্তৃপক্ষই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।টিক টকে এইবুলি কৈছে যে এমাজনে সম্পূৰ্ণ একপক্ষীয় ভাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এনে এক সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে এমাজনে এবাৰো টিক টক কৰ্তৃপক্ষৰ সৈতে কথা পতা নাই বুলি টিক টকে আক্ষেপ প্ৰকাশ কৰিছে।

এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে এমাজন কৰ্তৃপক্ষই ঘোষণা কৰিছে যে টিক টক  এপ ডিলিট কৰিবলৈ যি নিৰ্দেশনা দিয়া হৈছিল সেয়া ভুলতে দিয়া নিৰ্দেশনা আছিল।

সেয়ে এমাজনে সেই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।উল্লেখ্য ভাৰতেও লাডাখ সংকটৰ পিছত টিক টককে ধৰি চীনৰ  ৫৯ টা এপ নিষিদ্ধ কৰিছে।