NORTHEAST NOW (Assamese)
অসম

Swiggy, Zomatoৰ সন্মুখত ভোকাতুৰ Amazon

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2019 6:21 pm
Amazon to take on Zomato, Swiggy

বিশ্বৰ সৰ্ববৃহৎ ই-কমাৰ্চ প্লেটফৰ্ম এমাজনে দিৱালীৰ পিছতে সুসজ্জিত হৈ প্ৰত্যাহ্বান জনাব Swiggy, Zomato আদি ভাৰতীয় বজাৰৰ খাদ্য যোগানকাৰী কাম্পেনিক।

বাতৰি মতে, ভাৰতীয় বজাৰৰ চাৰিভাগৰ তিনিভাগ দখল কৰি থকা দেশী কাম্পেনিকেইটাৰ মুখামুখি হ’বলৈ এমাজনে ৫০০ মিলিয়ন ইউ এছ ডলাৰ (প্ৰায় ৩৫০০ কোটি টকা)ৰ প্ৰাৰম্ভিক পুঁজি সাজু কৰিছে।

বাতৰিটোত কোৱা হৈছে যে এই পুঁজি প্ৰাৰম্ভিকহে। আৰু ভাৰতীয় বৰ্ধিত অনলাইন খাদ্য যোগান বজাৰ দখলৰ বাবে অধিক ধন ব্যয় কৰিবলৈ এমাজন সাজু আছে।

এমাজনৰ পৰিকল্পনাটো সম্পৰ্কে অৱগত সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে কাম্পেনিটোৱে বৰ্তমানৰ খাদ্য যোগনিয়াৰ এপকেইটাক বহুদিশীয়া প্ৰত্যাহ্বান জনাব।

আমি সোমোৱা প্ৰত্যেক ব্যৱসায়কে আমি খেলি-মেলি লগাই দিছো, ই কমাৰ্চেই হওক বা পে’মেণ্ট বা মনোৰঞ্জনৰ ক্ষেত্ৰতেই হওক, সূত্ৰটোৱে কয়।

সূত্ৰটোৰ মতে, খাদ্য যোগান ধৰাৰ বাবদ ৰেষ্টোঁৰাৰ পৰা এমাজনে আদায় কৰিব লগা কমিছনৰ পৰিমাণ হ’ব বাকী কাম্পেনিসমূহৰ প্ৰতি অন্যতম প্ৰধান প্ৰত্যাহ্বান।

দ্বিতীয়তে, এমাজন প্ৰাইম সদস্যভুক্ত লয়েল গ্ৰাহকসকলক বিনামূলীয়াকৈয়ে কাম্পেনিটোৱে খাদ্য যোগান ধৰিব।

তাৰোপৰি, কম সময়ত খাদ্য যোগানৰ প্ৰতিযোগিতা আগবঢ়োৱাৰ বাবে এমাজনে আগ্ৰাসী ৰূপত দেলিভাৰি এ’জেণ্ট লোৱাৰ পৰিকল্পনা কৰিছে।

গ্ৰাহকক কম দাম আৰু বিনামূলীয়া খাদ্য যোগানৰ উপৰি এমাজন পে’ ৱলেটৰ জৰিয়তে কেশ্ববেকৰ সুবিধা আগবঢ়োৱাৰো পৰিকল্পনা আছে।

ছিয়াটলত মুখ্য কাৰ্য্যালয় থকা এমাজনে ২০১৩ চনত ভাৰতীয় বজাৰত প্ৰৱেশ কৰিছিল। সেই সময়ত ভাৰতীয় ষ্টাৰ্ট আপ ফ্লিপকাৰ্ট আছিল লীডাৰ।

আৰু আছিল আন দুটা দেশীয় কাম্পেনি স্নেপদীল আৰু পে’টিএম মল।

ফ্লিপকাৰ্টৰ মালিকানা এতিয়া বিশ্বৰ বৃহত্তম খুচুৰা বিক্ৰেতা ৱলমাৰ্টৰ হাতত।

শেহতীয়াকৈ সমাপ্ত হোৱা “ফেষ্টিভেল চে’ল”ৰ সময়ত এমাজনে ভাৰতত সৰ্বাধিক মূল্যৰ সামগ্ৰী বিক্ৰী কৰা বুলি বাতৰিত প্ৰকাশ।