NORTHEAST NOW (Assamese)
অসম

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু আশংকা; প্লাৱিত সমগ্ৰ অঞ্চল

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা October 7, 2019 7:17 pm
Pipeline burst at Kopili power project, 4 NEEPCO officials feared dead

নীপক’ পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন সোমবাৰে বিস্ফোৰিত হৈছে আৰু ঘটনাটোত কমেও চাৰিজন কৰ্মচাৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

ডিমা হাচাওৰ উমৰাংচুস্থিত প্ৰকল্পটোৰ পাইপলাইন ফাটি যোৱাৰ ফলত নীপক’ পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰিছে।

নীপক’ই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী আৰু অসম ৰাইফলছৰ সহায় বিচাৰিছে।

পাৱাৰ ষ্টে’চনৰ টাৰ্বাইনলৈ পানী কঢ়িয়াই নিয়া পাইপলাইন আজি ৰাতিপুৱা ফাটি গৈছে। পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চলটকে চানি ধৰা তীব্ৰবেগী পানীৰ ফলত সমস্যাৰ ভয়াৱহতা বৃদ্ধি পাইছে,নীপক’ৰ কাৰ্য্যবাহী সঞ্চালক (পৰিচালনা আৰু ব্যৱস্থাপনা) হেমন্ত ডেকাই নৰ্থইষ্ট নাওক জনায়।

ভিতৰুৱা অঞ্চলটোৰ ফ’নৰ নেটৱৰ্ক ভাল নোহোৱা বাবে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই, ডেকাই জনায়। “ঘটনাস্থলীত উপস্থিত হৈহে মই সবিশেষ জনাব পাৰিম।”

ইফালে অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প পৰিচালক ৰিকিদীপ ফুকনে জনোৱা মতে, বিস্ফোৰণৰ সময়ত পাৱাৰ হাউছটোত চাৰিজন কৰ্মচাৰী আছিল।

“কিন্তু এতিয়ালৈকে তেওঁলোকৰ সন্ধান পোৱা হোৱা নাই। এন ডি আৰ এফ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। কিন্তু পানীৰ তীব্ৰবেগী সোঁত আৰু জলস্তৰ বৃদ্ধি পোৱাৰ ফলত অভিযান আৰম্ভ কৰিব পৰা নাই,” ফুকনে জনাইছে।

ফুকনে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ৬.৩০ বজাত পাইপলাইনত ফুটা হৈছিল আৰু বাঢ়ি অহা পানীত পাৱাৰ হাউছকে ধৰি সমগ্ৰ এলেকাটো বুৰ গৈছে।

২৭৫ মেগাৱট উৎপাদন ক্ষমতাসম্পন্ন কপিলী প্ৰকল্প ১৯৭৬ চনত আৰম্ভ কৰা হৈছিল।