NORTHEAST NOW (Assamese)

মুকলি হ’ল ড্ৰাইভাৰ বিহীন ইলেকট্ৰিক ৰব’টেক্সি! এবাৰ চাৰ্জ কৰিলেই চলিব ১৬ঘন্টা

December 15, 2020 2:13 pm · এন ই নাও নিউজ

ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰত এক নতুন মাত্ৰাৰ সংযোগ ঘটিল। বৃহৎ অনলাইন শ্বপিং ছাইট সংস্থা এমাজনৰ ষ্টাৰ্ট-আপ কোম্পানী Zooxয়ে এক নতুন ইলেকট্ৰিক বাহন মুকলি কৰিছে।

এইখন এখন চালকবিহীন ইলেকট্ৰিক বাহন যিখন চলাবলৈ কোনো চালকৰ প্ৰয়োজন নহব। ইয়াত কোম্পানীটোৱে ষ্টীয়াৰিং হুইলো ৰখা নাই। অৰ্থাৎ ই এখন সম্পূৰ্ণ ড্ৰাইভাৰ বিহীন বাহন।

বাতৰি অনুসৰি, এবাৰ ফুল চাৰ্জ দি লোৱাৰ পাছত এই বাহনখন সম্পূৰ্ণ ১৬ঘন্টা পৰ্যন্ত চলিব। এই ইলেকট্ৰিক ৰব’টেক্সিখনত মুঠ ৪জন লোক বহাৰ ব্যৱস্থা ৰখা হৈছে। তদুপৰি, ইয়াত দুটা বেটাৰী পেক দিয়া হৈছে যিটো কোম্পানীয়ে আগৰ আৰু পাছৰ দুয়োটা আসনৰ তলত লগাইছে।

কোম্পানীটোৰ ছেন ফ্ৰান্সিছকো আৰু লাছ বেগাছৰ দৰে চহৰত এপ বেছড ৰাইড হেলিং চাৰ্ভিছ আৰম্ভ কৰাৰ পৰিকল্পনা আছে।

উল্লেখ্য যে Zoox য়ে দীৰ্ঘদিন ধৰি স্বয়ংচালিত ইলেকট্ৰিক বাহন নিৰ্মাণৰ কামত লাগি থকা কোম্পানীসমূহৰ ভিতৰত অন্যতম। কোম্পানীটোৱে এই বাহন নিৰ্মাণৰ কাম কেলিফ’ৰ্ণিয়াত থকা কাৰখানাত কৰা হৈছে।

কোম্পানীটোৱে জানিবলৈ দিয়া মতে এই ইলেকট্ৰিক বাহনে আমেৰিকাৰ নিয়মৰ অধীনত থকা প্ৰয়োজনীয় সকলো পৰীক্ষা সম্পূৰ্ণ কৰিছে।

Related News