NORTHEAST NOW (Assamese)
অসম

কৃষকৰ দাবী পূৰণ নহ’লে পুনৰ আমৰণ অনশনৰ ভাবুকি আন্না হাজাৰেৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 1:29 pm
Anna-Hazare-to-resume

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত কুৰি দিন ধৰি দিল্লীৰ ৰাজপথত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই কেন্দ্ৰেীয় চৰকাৰে।

এনে পৰিস্থিতিত প্ৰতিবাদী কৃষকসকলে অনশনৰ কাৰ্যসূচী হাতত ল’ব বুলি ঘোষণা কৰিছে।

কৃষকসকলৰ দাবীৰ প্ৰতি পুৰ্ণ সমৰ্থন ব্যক্ত কৰি দুৰ্নীতি বিৰোধী আন্দোলনৰ অগ্ৰদূত আন্না হাজাৰেই এই বুলি ঘোষণা কৰিছে যে চৰকাৰে যদি কৃষকসকলৰ দাবী মানি নলয় তেন্তে তেওঁ পুনৰ আমৰণ অনশনত বহিব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰলৈ লিখা এখন পত্ৰত আন্না হাজাৰেই এই ভাবুকি দি কৈছে যে চৰকাৰে কেৱল আলোচনাহে কৰি গৈছে , কিন্তু কৃষকসকলৰ প্ৰকৃত সমস্যা সমাধান কৰাৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই।

এনে পৰিস্থিতিত কৃষকসকলৰ স্বাৰ্থত আন্না হাজাৰইে পুনৰ অনশনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব।

পত্ৰ খনত তেওঁ লগতে এই বুলিও কৈছে যে চৰকাৰে আজিলৈকে কৃষকৰ বাবে এমএছ স্বামীনাথনে দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা নাই।

এয়া মানি ল’ব পৰা বিষয় নহয় বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য দুৰ্নীতি বিৰোধী নেতা জনে ২০১৯ চনত আমৰণ অনশন কৰি সমগ্ৰ দেশবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।