NORTHEAST NOW (Assamese)

এমাজনৰ চিইঅ’ পদৰ পৰা জেফ বেজোছৰ অব্যাহতি; নতুন দায়িত্বত কোন?

February 3, 2021 3:19 pm · এন ই নাও নিউজ
জেফ বেজোছ।

চলিত বছৰতেই দায়িত্ব এৰি যাবলৈ ওলাইছে এমাজনৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছ।

বেজোছে নিজেই এইকথা জানিবলৈ দি কৈছে যে এতিয়াৰে পৰা সেই দায়িত্ব পালন কৰিব এণ্ডি জেছিয়ে। তেওঁ বৰ্তমান এমাজনৰ ৱেব ছাৰ্বিছৰ মুৰব্বী আছিল।

২০১৬চনৰ পৰা তেওঁ এই দায়িত্বত থকাৰ উপৰি প্ৰায় ২৪ বছৰ ধৰি তেওঁ কোম্পানীৰ সৈতে জড়িত হৈ আছে। সেয়ে তেওঁ নতুন দায়িত্ব লাভ কৰাত কোনো আচৰিত হ’বলগীয়া নাই।

জেফ বেজোছে জানিবলৈ দিয়ে যে তেওঁ এইবছৰৰ তৃতীয়াৰ্দ্ধত চিইঅ’ পদ এৰিব।

এমাজনৰ কৰ্মীসকলক এখন পত্ৰৰ জৰিয়তে বেজোছে জনাই কয়,’’এমাজনৰ দৰে গুৰুত্বপূৰ্ণ উদ্যোগৰ সৈতে জড়িত হৈ থাকক। মোৰ আৰু এনাৰ্জি নাই। কিন্তু সেইবুলি এইটো নহয় যে মই অৱসৰ  লৈছো। সংস্থাটোৰ প্ৰতি মি অতিকৈ মোহাচ্ছন্ন। জেছি কোম্পানীটোৰ সৈতে পৰিচিত তথা সংস্থাটোৰ বহু পুৰণি কৰ্মী। বহু বছৰ ধৰি তেওঁ কাম কৰিছে। তেওঁ এগৰাকী দুৰ্দান্ত নেতা। তেওঁৰ প্ৰতি মোৰ সম্পূৰ্ণ আস্থা আছে।‘’

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জেছিয়ে এমাজনতেই চাকৰিজীৱন আৰম্ভ কৰিছিল।

জেছিৰ নতুন দায়িত্বপ্ৰাপ্তিৰ পাছত এমাজন ক্লাউড তথা ডাটা ছাৰ্ভিছৰ অধিক উন্নতি হ’ব বুলি আশা কৰা হৈছে।   

Related News