NORTHEAST NOW (Assamese)

গুগলৰ প্ৰতিষ্ঠাপকক অতিক্ৰমী বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানত মুকেশ আম্বানী

July 14, 2020 4:11 pm · এন ই নাও নিউজ
Updated: July 14, 2020 4:22 pm

চিলিকন ভেলীৰ সম্ৰাট ইলন মাস্ক,এলফাবেট ইন্টাৰনেছনেলৰ প্ৰতিষ্ঠাপক ছাৰ্গে ব্ৰিন আৰু লেৰী পেজক চেৰ পেলাই সম্পত্তিৰ দিশৰ পৰা বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানত  আৰোহণ কৰিছে ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা অৰ্থনৈতিক সমীক্ষাত  প্ৰকাশ পোৱা অনুসৰি মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭২.৪ বিলিয়ন।

ইয়াৰ বিপৰীতে লেৰী পেজৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১.৬ বিলিয়ন।বিশ্বৰ এগৰাকী ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৮.৬ বিলিয়ন।

ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ শেহতীয়াকৈ কিছু কমিছে ।

বিশেষকৈ তেওঁ দাতব্য প্ৰতিষ্ঠানক ২.৯ বিলিয়ন মাৰ্কিন ডলাৰ দান কৰাৰ পিছত তেওঁৰ সম্পত্তিৰ পৰিমাণ কিছু হ্ৰাস পায়।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই তেওঁৰ কোম্পানীটোক আগুৱাই নিয়া বুলি ব্লুমবাৰ্গৰ সমীক্ষাত কোৱা হৈছে।

ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজে শেহতীয়াকৈ ই-কমাৰ্চৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।সেই বাবেই কোম্পানীটোৱে বিপুল পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা বুলি ব্লুমবাৰ্গৰ সমীক্ষাত প্ৰকাশ।

ইয়াৰ পূৰ্বেও ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানীয়ে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰি আহিছে।

Related News