NORTHEAST NOW (Assamese)

আমেৰিকাত ক’ৰ’নাৰ সংহাৰ; ২৪ ঘণ্টাৰ ভিতৰত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

July 2, 2020 9:07 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত যোৱা ২৪ ঘণ্টাত ৫২ হাজৰ লোক আক্ৰান্ত হোৱা খবৰে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে আমেৰিকাত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশখনত এই পৰ্যন্ত ২৭.৭৮ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১ লাখ ৩০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

আমেৰিকাৰ সমান্তৰালকৈ ব্ৰাজিলতো ক’ৰ’নাৰ সংহাৰে চিন্তিত কৰি তুলিছে দেশখনৰ চৰকাৰক। দেশখনত বিগত ২৪ ঘণ্টাত ৪৪,৮৮৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০৫৭ গৰাকী লোকৰ মৃত্যু হৈছে।

ব্ৰাজিলত সৰ্বমুঠ ১৪,৫৩,৩৬৯ গৰাকী আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে ৬০,৭১৩ গৰাকী ৰোগী।

আমেৰিকা, ব্ৰাজিলৰ পিছতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যাৰ তালিকাত আছে ৰাছিয়া আৰু ভাৰত।

ৰাছিয়াত আক্ৰান্তৰ সংখ্যা ৬৫৪,৪০৫ আৰু মৃত্যুৰ সংখ্যা ৯,৫৩৬। ইফালে ভাৰতত ভাৰতত ৬০৫,২২০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭,৮৪৯ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে চীনৰ য়ুহান চহৰৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছৰ ফলত বিশ্বৰ ১ কোটি ৭ লাখ ৯৩ হাজাৰ লোক আক্ৰান্ত হৈছে। আনহাতে বিশ্বজুৰি মৃত্যু হৈছে ৫ লাখ ১৮ হাজাৰৰো অধিক লোকৰ।

Related News