NORTHEAST NOW (Assamese)

কেৰালাৰ প্ৰেমত বন্দী ৭৪ বছৰীয়া মাৰ্কিন নাগৰিক, নাযায় দেশলৈ উভতি

July 9, 2020 4:18 pm · এন ই নাও নিউজ
Updated: July 9, 2020 4:59 pm

এগৰাকী ৭৪ বছৰীয়া মাৰ্কিন নাগৰিক। নাম তেওঁৰ জনী প’ল ৱাল্কাৰ।

মহামাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সময়তে ভাৰতৰ কেৰালালৈ অহা এই গৰাকী মাৰ্কিন নাগৰিক এতিয়া অন্ধ কেৰালাৰ প্ৰেমত।

২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা কেৰালালৈ অহা লোক জনৰ ই-ভিছাৰ ম্যাদ উকলিব এই বছৰৰে ২৪ আগষ্টৰ দিনা ।

কিন্তু ই-ভিছাৰ ম্যাদ উকলিলেও তেওঁ কেৰালা ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়।

সেইবাবেই কেৰালাতে থকাৰ অনুমতি বিচাৰি তেওঁ অধিবক্তাৰ জৰিয়তে আবেদন জনাইছে কেৰালা উচ্চ ন্যায়ালয়ত।

অধিবক্তা ছাজু এচ নায়াৰে প্ৰকাশ কৰা মতে আমেৰিকাৰ পৰা আহি লোক জনে এৰ্নাকুলামৰ কানদাদিৰ এখন হোটেলত যোৱা পাঁচ মাহ ধৰি আছে। কেলিফ’ৰ্নিয়াৰ বাসিন্দাগৰাকীয়ে আমেৰিকালৈ পুনৰ উভতি যোৱাৰ ইচ্ছা কৰা নাই।

কেৰালাৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈ পৰা লোক জনে কেৰালাতে থাকি এখন ৰিজৰ্ট খুলিব বিচাৰিছে।

ইয়াৰ বাবে তেওঁৰ ই-ভিছা খন বিজনেছ ভিছালৈ ৰুপান্তৰিত কৰাৰ বাবে তেওঁ কেৰালা উচ্চ ন্যায়লয়ত অবেদন জনাইছে।

নিয়ম অনুসৰি আমেৰিকা, কানাডা, জাপান আদি দেশৰ নাগৰিকক ভাৰতে প্ৰদান কৰা ই-ভিছাৰ ম্যাদ ১৮০ দিনীয়া।

ক’ৰ’ণাতংকৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ থকা বাবে সেই ম্যাদ আৰু ৩০ দিনলৈ বঢ়াব পৰা যাব।

এনে পৰিস্থিতিত জনী প’ল ৱাল্কাৰৰ আবেদন খন সন্দৰ্ভত আদালতে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব ।

Related News