NORTHEAST NOW (Assamese)
অসম

পূৰ্ণ শক্তিৰে “মৌন পদযাত্ৰা”ত বিজেপি, নলবাৰীৰ পথত মুখ্য মন্ত্ৰী, শীৰ্ষ নেতৃত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2019 8:16 pm
Amid anti-CAA storm, Assam BJP takes out "Silent Rally'' in Nalbari

অসমত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে শাসক দল বিজেপিয়ে পূৰ্ণ শক্তিৰে নিজৰ ৰাজনৈতিক খোপনি ধৰি ৰখাৰ চেষ্টা কৰা দেখা গৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি প্ৰায় সকলো শীৰ্ষ নেতাই শুকুৰবাৰে নলবাৰী চহৰত এক “ঐক্য সমদল”ত ভাগ লৈছে।

কা-বিৰোধিতাত উত্তাল অসমত শাসক দলটোৱে “শান্তি আৰু প্ৰগতি”ক শ্ল’গান হিচাপে লোৱা দেখা গৈছে।

“মই ৰাইজক প্ৰৰোচিত নহ’বলৈ আহ্বান জনাইছো আৰু তেওঁলোকে শান্তি বজাই ৰখা উচিত।…‘ঐক্য সমদল’…এক আহ্বান যে অসমৰ মানুহে বিকাশ আৰু প্ৰগতিৰ পথত যাত্ৰা অব্যাহত ৰাখিব খোজে,” পদযাত্ৰাৰ পিছতে মুখ্য মন্ত্ৰীৰ টুইট।

বিজেপি চৰকাৰ উত্থাপিত আইনখনৰ বিৰুদ্ধে ব্যাপকসংখ্যক লোক ওলাই অহাটোৱে “জাতি-মাটি-ভেটি সুৰক্ষা”ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা চৰকাৰখনক অস্বস্তিত পেলোৱা দেখা গৈছে।

আইনখনক অসমৰ প্ৰতিবাদী দল-সংগঠনসমূহে “জাতিধ্বংসী” বুলি অভিহিত কৰিছে।

সোণোৱালে শুকুৰবাৰে পুৱাও সংবাদমেলযোগে ৰাজ্যবাসীক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল। দলটোৰ বহুকেইজন বিধায়কে বিষয়টো সন্দৰ্ভত অসমৰ ৰাইজৰ সন্মুখলৈ আহিবলৈ মুখ্য মন্ত্ৰীক বৃ্হস্পতিবাৰে মুকলি আহ্বান জনাইছিল।

নলবাৰীৰ গৰ্ডন খেলপথাৰৰ সমাৱেশত দলটোৰ বহুকেইজন বিধায়ক, নেতাৰ লগতে মিত্ৰ বিপিএফ নেতা প্ৰমীলাৰাণী ব্ৰহ্ম আৰু বিশ্বজিত দৈমাৰীকো উপস্থিত থকা দেখা গৈছিল।

আইনখনক লৈ স্পষ্টভাৱে দুটা স্থিতি লৈ অহা বিজেপি মিত্ৰ অসম গণ পৰিষদৰ নেতৃত্ব সমাৱেশটোত উপস্থিত নাছিল।

অসমত খিলঞ্জীয়া লোকৰ ভোটৰ ওপৰত যথেষ্ঠ নিৰ্ভৰশীল দলটোৱে নলবাৰীৰ পিছতে কা-বিৰোধিতাত উত্তাল অসমত ৰাজ্যজুৰি এই অভিযান আৰম্ভ কৰিব বুলি স্পষ্ট হৈছে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাৱেশত কৈছে, নলবাৰীৰ পিছতে পৰ্য্যায়ক্ৰমে অসমৰ সাতখন ঠাইত তেওঁলোকে এই “ঐক্য সমদল” বাহিৰ কৰিব।

ইফালে শাসক দলৰ সমদলৰ সমান্তৰালকৈ কা-বিৰোধিতাত নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থায়ো চহৰখনত এক বিশাল প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰে।

কা-বিৰোধীসকলে শাসক দলটোৰ সমাৱেশক চ’চিয়েল মিদিয়াত ব্যাপক সমালোচনা কৰা দেখা গৈছে। কোৱা হৈছে, সমদলটোত তেওঁলোকে ধনবলেৰে মানুহ গোটাইছে।

সোণোৱালে অসমৰ কা-বিৰোধী দল-সংগঠনলৈ আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অগ্ৰাহ্য কৰিছে।