NORTHEAST NOW (Assamese)

অসমৰ সৈতে সীমা সমস্যা সন্দৰ্ভত প্ৰধান মন্ত্ৰীৰে আলোচনাত মিলিত মিজোৰামৰ মুখ্যমন্ত্ৰী

November 30, 2021 6:34 pm · এন ই নাও নিউজ, গুৱাহাটী

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংসদৰ কাৰ্যালয়ত সাক্ষাত কৰে।

দুয়োগৰাকী নেতাই মিজোৰামৰ আভ্যন্তৰীণ বিষয়বোৰ আলোচনা কৰে।

জানিব পৰা মতে, বৈঠকত জোৰামথাংগাই অসমৰ সৈতে সীমান্ত বিবাদৰ বিষয়টো উত্থাপন কৰিছিল।

যোৱা সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ পাছত আজি উত্তৰ-পূবৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰধান মন্ত্ৰীৰ সৈতে সাক্ষাতে চৰ্চা লাভ কৰিছে।

অসম আৰু মিজোৰামে আলোচনাৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত সীমান্ত বিবাদ সমাধানৰ বাবে সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছিল।

যোৱা সপ্তাহত নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ মাজত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুয়োখন ৰাজ্যৰ মাজত সীমান্ত সমস্যা সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰিছিল।

বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্য দুখনৰ ১৬৪.৬ কিলোমিটাৰ সীমান্তত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদৰ এক যৌক্তিক সমাপ্তি আৰু স্থায়ী সমাধানৰ প্ৰচেষ্টা আগবঢ়াবলৈ সময়ে সময়ে আলোচনা কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

Related News