NORTHEAST NOW (Assamese)

উদ্বেগজনক! দেশত এটা মাহতেই কৰ্মহীন হৈ পৰিছে ১৫লাখ লোক

September 4, 2021 10:13 am · এন ই নাও নিউজ
Updated: September 4, 2021 11:09 am
প্ৰতিনিধিত্বমূলক ফটো।

যোৱা আগষ্ট মাহত ভাৰতত ১৫ লাখতকৈয়ো অধিক লোকে কৰ্মহীন হৈ পৰিছে। চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চিএমআই ই) ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে জুলাইত কৰ্মৰত লোকৰ সংখ্যা ৩৯৯.৩৮ মিলিয়ন পৰা হ্ৰাস পাই আগষ্ট মাহত হৈছেগৈ ৩৯৭.৭৮মিলিয়ন।

ইয়াত দেখা গৈছে যে মাত্ৰ এমাহতে গ্ৰাম্য ভাৰতত প্ৰায় ১৩ লাখ লোকে কৰ্মসংস্থান হেৰুৱাইছে। সেইদৰে চহৰত আগষ্টত কৰ্মসংস্থানৰ হাৰ হ্ৰাস পাইছে।

চিএমআইইৰ তথ্য অনুসৰি, বিশাল সংখ্যক ভাৰতীয়ই চাকৰিৰ বজাৰত প্ৰৱেশৰ বাবে সাজু হৈ আছে। জুলাই মাহত য’ত ৩০ মিলিয়ন লোকে কামৰ সন্ধান কৰিছিল, তাত আগষ্ট মাহত ৩৬মিলিয়ন লোকে কামৰ সন্ধান কৰা দেখা গৈছে।

দেশখনত মুঠ শ্ৰমশক্তিৰ পৰিমানো বৃদ্ধি পোৱাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কৰ’নাৰ দ্বিতীয় ঢৌ চলাৰ সময়ত বহু কোম্পানী বন্ধ হৈ আছিল। এই কোম্পানীসমূহ বন্ধ থকাৰ ফলত চাকৰিৰ বজাৰ সীমিত হৈ পৰাৰ লগতে নিবনুৱাৰ চাকৰি পোৱাটোও কঠিন হ’বলৈ ধৰিছে।

Related News